নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰ আৰক্ষী আয়ুক্তালয়ৰ ব্যর্থতা উদঙালে দায়বদ্ধতা আয়োগে; নিষ্পত্তি নহ’ল বিভাগীয় তদন্তৰ ৯২টা গোচৰ

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে নিয়োজিত একাংশ আৰক্ষী, বিষয়া আৰু কনিষ্টবলে আইন বিৰুদ্ধ কার্যকলাপত জড়িত হৈ পৰাৰ ভয়াৱহ তথ্য উন্মোচিত হৈছে৷ অসম আৰক্ষী দায়বদ্ধতা আয়োগৰ প্রতিবেদনত আইনৰ ৰক্ষকৰ স্বৰূপ উন্মোচিত হৈছে৷ শেহতীয়াকৈ অসম আৰক্ষী দায়বদ্ধতা আয়োগে প্রকাশ কৰা প্রতিবেদনৰ তথ্য অনুসৰি, ২০১৯ বর্ষত আৰক্ষীৰ বিৰুদ্ধে দায়বদ্ধতা আয়োগত সর্বমুঠ ৭১০টা গোচৰ ৰুজু হৈছিল৷ ইয়াৰে ৩৩২টা গোচৰ নিষ্পত্তি হোৱাৰ বিপৰীতে ৩৭৮টা গোচৰ এতিয়াও নিষ্পত্তি হোৱা নাই৷ বিশেষকৈ আৰক্ষীৰ বিৰুদ্ধে হাৰাশাস্তি, আতিশয্য, ভাবুকি, এজাহাৰ পঞ্জীয়ন নকৰা, ক্ষমতাৰ অপব্যৱহাৰ, তদন্তত বিলম্ব তথা আৰক্ষীৰ নিষ্ক্রিয়তা, ব্লেকমেইলিং, যৌন নির্যাতন আদিৰ দৰে বহু গুৰুতৰ অভিযোগ আছে৷ ৰাজ্যৰ অন্যান্য জিলাসমূহৰ তুলনাত আৰক্ষী দায়বদ্ধতা আয়োগত কামৰূপ (ম) জিলা আৰক্ষীৰ বিৰুদ্ধে আছে সর্বাধিক গোচৰ৷ আৰক্ষী আয়ুক্তকৰণ হোৱাৰ পিছতো একাংশ আৰক্ষী বিষয়াই ক্ষমতাৰ অপব্যৱহাৰ কৰি ভয়–ভাবুকিৰে আতিশয্য চলোৱাৰ গোচৰ আছে৷ হাতীগাঁও থানাত কর্মৰত বহু দুর্নীতিৰ অভিযোগত অভিযুক্ত উপ–পৰিদর্শক অৰুণ বৰুৱাৰ বিৰুদ্ধে আয়োগত ব্লেকমেইলিঙৰ দৰে গোচৰ ৰুজু হৈছে৷ অৱশ্যে বিভাগীয় তদন্তত গোচৰটো নিষ্পত্তি হৈছে৷ বর্তমানৰ বশিষ্ঠ থানাৰ ভাৰপ্রাপ্ত বিষয়া প্রার্থপ্রতিম গগৈৰ বিৰুদ্ধে আয়োগত ৰুজু হৈছিল আতিশয্যৰ গোচৰ৷ বিভিন্ন দুর্নীতিৰ অভিযোগত অভিযুক্ত এইগৰাকী আৰক্ষী বিষয়াই চাকৰি জীৱনৰ সৰহ সময় কামৰূপ (ম) জিলাতে কর্মৰত হৈ আছে৷ মহানগৰ আৰক্ষীৰ বিৰুদ্ধে আয়োগত ৰুজু হৈছিল ৩টাব্লেকমেইলিঙৰ গোচৰ, ৮টা আতিশয্যৰ গোচৰ, ৭টাক্ষমতাৰ অপব্যৱহাৰৰ গোচৰ, এটা যৌন আতিশয্যৰ গোচৰ, এজাহাৰ ৰুজু নকৰাৰ ৩টা গোচৰ, আইন বহির্ভূতভাৱে আটক–গ্রেপ্তাৰ কৰাৰ দুটা গোচৰ, গোচৰৰ তদন্তত বিলম্ব আৰু আৰক্ষীৰ নিষ্ক্রিয়তাৰ ৩৯টাকৈ গোচৰ ৰুজু হৈছিল৷ আৰক্ষী দায়বদ্ধতা আয়োগৰ প্রতিবেদনৰ তথ্য অনুসৰি মহানগৰ আৰক্ষী আয়ুক্তত আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা ৯২টা বিভাগীয় তদন্তৰ গোচৰ এতিয়াও নিষ্পত্তি নোহোৱাকৈ আছে৷ তথ্য অনুসৰি ২০১৫ চনত ১৫টা, ২০১৬ত ১২টা, ২০১৭ত ৯টা, ২০১৮ত ৩০টা, ২০১৯ত ১৫টা গোচৰ ৰুজু হৈছিল৷ প্রতিবেদনত প্রকাশ পোৱা এই তথ্যই একাংশ আৰক্ষী বিষয়াই ক্ষমতাৰ অপব্যৱহাৰেৰে নীতিবহির্ভূত কার্যকলাপ সংঘটিত কৰি অহাৰ কথাকে পোহৰলৈ আনিছে৷ গৃহ বিভাগে আৰক্ষীৰ আধুনিকীকৰণ কৰাৰ লগতে আৰক্ষী আৰু ৰাইজৰ মাজৰ সম্পর্ক সুদৃঢ় কৰাৰ বাবে বহু পদক্ষেপ গ্রহণ কৰিছে৷ গৃহ বিভাগৰ নির্দেশ অনুসৰি মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তায়ো ৰাইজ আৰু আৰক্ষীৰ সম্পর্ক অধিক উন্নত কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিছে৷ কিন্তু মহানগৰীত আৰক্ষীত কর্মৰত একাংশ অসাধু আৰক্ষী বিষয়া আৰু কনিষ্টবলে মহানগৰ আৰক্ষীৰ সুনামত আঘাত হানিছে৷

You might also like