মহানগৰ জিলাৰ চৰকাৰী আঁচনি শীঘ্রে ৰূপায়ণৰ নির্দেশ
বিভিন্ন বিভাগৰ বিষয়াৰে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ বৈঠক
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে শনিবাৰে জিলা উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে মিলিত হৈ বিভাগসমূহৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন উন্নয়নমূলক কাম–কাজৰ এক পর্যালোচনা কৰে ৷ সভাত জিলা উপায়ুক্ত পেগুৱে গড়কাপ্টানী (পথ), গড়কাপ্টানী (গৃহ), জলসম্পদ, কৃষি, উদ্যোগ আৰু বাণিজ্য, জনস্বাস্থ্য আৰু কাৰিকৰী, শ্রম আদি বিভাগসমূহে ৰূপায়ণ কৰি থকা আঁচনিসমূহৰ কাম–কাজৰ অগ্রগতিৰ বুজ লয় ৷ জিলা উপায়ুক্তগৰাকীয়ে সংশ্লিষ্ট সকলো বিভাগৰ অধীনৰ ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ আঁচনিসমূহৰ কাম–কাজ অধিক দ্রুতগতিত ৰূপায়ণৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে ৷
আঁচনিসমূহ ৰূপায়ণৰ কাম–কাজ যাতে নির্ধাৰিত সময়ৰ ভিতৰত সম্পূর্ণ হয়, তাৰ ওপৰত জিলা উপায়ুক্তগৰাকীয়ে গুৰুত্ব আৰোপ কৰে ৷ উপায়ুক্তগৰাকীয়ে জিলাখনৰ চৰকাৰী কার্যালয়সমূহৰ কর্ম–সংস্কৃতিৰ পৰিৱেশ অধিক উন্নত কৰি তোলাৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে চৰকাৰী বিষয়া–কর্মচাৰীসক কার্যালয়ত নিয়মানুৱর্তিতা আৰু সময়ানুৱর্তিতা মানি চলাৰ বাবে অনুৰোধ জনায়৷ সভাত জিলাখনৰ চৰকাৰী কার্যালয়–প্রতিষ্ঠান চৌহদৰ ভূমি বেদখলৰ প্রসংগতো আলোচনা হয় আৰু সংশ্লিষ্ট বিভাগসমূহক এই সন্দর্ভত জিলা উপায়ুক্তক বিতং প্রতিবেদন শীঘ্রে দাখিল কৰিবলৈ জিলা উপায়ুক্তগৰাকীয়ে নির্দেশ দিয়ে ৷
জিলা প্রশাসনে বিভাগসমূহৰ পৰা বিতং তথ্য লাভ কৰাৰ পাছত তেনে চৰকাৰী কার্যালয়ৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে শীঘ্রে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব বুলি সভাত উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে৷ জিলাখনত থকা চাহ বাগিচাকেইখনৰ শ্রমিকসকলে যাতে ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিৰ সুবিধা লাভ কৰিব পাৰে, তাৰ বাবে জিলা উপায়ুক্তই শ্রম বিভাগক এইক্ষেত্রত প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰাৰ লগতে চাহ শ্রমিকসকলৰ মাজত চৰকাৰী আঁচনিৰ বিষয়ে প্রচাৰ তথা সজাগতা সৃষ্টিৰ লগতে যথোপযুক্ত ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ কামৰূপ মহানগৰ জিলাৰ জিলা উন্নয়ন আয়ুক্ত অতুল কুমাৰ শর্মাৰ লগতে সভাত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলে অংশগ্রহণ কৰে ৷