মানৱ সৰবৰাহকাৰী বিৰুদ্ধে আৰ পি এফৰ অভিযানঃ এদিনতে চাৰিটা শিশু উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনী চমুকৈ আৰ পি এফে যাত্ৰীবাহী ৰেল, ৰেল ষ্টেচন , ৰেলৱে পৰিসৰত নিষিদ্ধ বা নিচাযুক্ত, চোৰাং সামগ্ৰী সৰবৰাহ হব নোৱাৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিছে। সমান্তৰালভাৱে মানৱ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধেও অভিযান চলাই আহিছে আৰ পি এফে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া গুনীত কৌৰে সদৰি কৰা অনুসৰি যোৱা ১৩ ডিচেম্বৰত আৰ পি এফে বিভিন্ন ৰেল ষ্টেচন পৰিসৰত অভিযান চলাই চাৰিটা নাবালক শিশু উদ্ধাৰ কৰিছে। ইয়াৰে এজনী নাবালিকা ছোৱালীক কামাখ্যা ৰেল ষ্টেচনত উদ্ধাৰ কৰাৰ বিপৰীতে বাকী তিনিটা নাবালক শিশুক ৰঙিয়া ৰেল ষ্টেচনৰ পৰা উদ্ধাৰ কৰা হৈছে।
উল্লেখ্য যে আটাইকেইটা নাবালক শিশু নিজ ঘৰৰ পৰা অভিভাৱকৰ অজ্ঞাতে পলাই অহাটো নিশ্চিত কৰিছে আৰ পি এফে । পাছত ১০ ৰ পৰা ১৩ বছৰ বয়সৰ শিশু কেইটাক চাইল্ড লাইনক গতাই দিয়া হয় । তেনেদৰে চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰলৈ বিগত ১১ টা মাহত আৰ পি এফে যাত্ৰীবাহী ৰেল, ৰেল ষ্টেচনকে ধৰি ইয়াৰ পৰিসৰত চলোৱা অভিযানত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা আৰু বিভিন্ন কাৰণত ঘৰৰ পৰা ওলাই অহা শিশু , মহিলাকে ধৰি মুঠ ৫৯৯ জন লোকক উদ্ধাৰ কৰিছে। ইয়াৰে ৭৬ জনক উদ্ধাৰ কৰা হৈছে মানৱ সৰবৰাহকাৰীৰ পৰা। এই অভিযানত মুঠ ২২ জন মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰ পি এফৰ অভিযানকাৰী দলে ।