মাস্ক পিন্ধক নহ’লে পকেটত ৰাখক ১০০০ টকা
নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ মহানগৰীত দ্ৰুত গণ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহানগৰীত। ক’ৰোনাৰ সংক্ৰমণৰ মাজতে পুনৰ লক ডাউনৰ পৰা আনলক হ’ল গুৱাহাটী। সম্পূৰ্ণভাৱে খোলা নাই যদিও প্ৰায়সংখ্যক দোকান-বজাৰেই সোমবাৰৰ পৰা খুলিব। এনেক্ষেত্ৰত সামাজিক দূৰত্ব বৰ্তাই ৰখা আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ঘোষণা প্ৰশাসনৰ।
মাস্ক পৰিধান কৰিলে অথবা সামাজিক দূৰত্ব বৰ্তাই ৰাখিলে সংক্ৰমণৰ পৰা বহুখিনি ৰক্ষা পাব পাৰি। পূৰ্বতেও মাস্ক পৰিধান নকৰিলে ৫০০ টকাকৈ জৰিমনা বিহিছিল চৰকাৰে কিন্তু এতিয়া পুনৰ কঠোৰ হৈছে চৰকাৰ। মাস্ক নিপিন্ধিলে এইবাৰ ভৰিব লাগিব ১০০০টকা। গতিকে অধিক সাৱধান হওঁক আৰু ৰাজহুৱা স্থানলৈ ওলাই গ’লে মাস্কখন পিন্ধিবলৈ নাপাহৰিব।