নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পহুকটা অঞ্চলত যোৱা নিশা এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।জানিব পৰা মতে চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পহুকটাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যোৱা নিশা এগৰাকী আঘাত প্ৰাপ্ত অচিনাক্ত মহিলা পৰি থকা অৱস্থাত স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷পৰৱৰ্তী সময়ত চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অচিনাক্ত আঘাত প্ৰাপ্ত মহিলা গৰাকীক ১০৮ ৰ সহায়ত নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে।প্ৰায় ষাঠি বছৰীযা মহিলা গৰাকী মিঠা বৰণীয়া হোৱাৰ লগতে শাৰী পৰিহিত আছিল ।আনহাতে অচিনাক্ত মহিলা গৰাকীৰ মুৰ আৰু সোঁ ভৰিত আঘাটৰ চিন ষ্পষ্ট হৈ থকাৰ লগতে নিশা কোনো গাড়ীয়ে খুন্দা মৰাৰ ফলত মহিলা গৰাকী আঘাত প্ৰাপ্ত হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । আনহাতে উক্ত অচিনাক্ত মহিলা গৰাকী বৰ্তমানলৈকে চিনাক্ত হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ লগতে মহিলা গৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ লগতে চিনাক্ত কৰনৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰাখি থোৱা হৈছে বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে।

You might also like