নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেৰামতিৰ অভাৱত চাৰি বছৰে বিকল বোন্দা গ্রাণ্টৰ পানীযোগান আঁচনি

বিশুদ্ধ পানীৰ পৰা বঞ্চিত চাৰি শতাধিক পৰিয়ালৰ ক্ষোভ

নিয়মীয়া বার্তা, ৮ জানুৱাৰীঃ বিগত চাৰি বছৰে বোন্দা গ্রাণ্ট পানী যোগান আঁচনি বিকল হৈ থকাৰ ফলত বোন্দা কলনীৰ চাৰি শতাধিক পৰিয়ালে বিশুদ্ধ খোৱাপানী পোৱাৰ পৰা বঞ্চিত হৈ আছে ৷ আশ্চর্যকৰভাৱে আজি পর্যন্ত আঁচনিখন মেৰামতিৰ ক্ষেত্রত কোনো পদক্ষেপ গ্রহণ কৰা নাই সংশ্লিষ্ট বিভাগে ৷ ফলত বোন্দা কলনীৰ বাসিন্দাসকলে পাহাৰৰ পৰা বৈ অহা নিজৰাৰ পানী ব্যৱহাৰ কৰিব লগা হৈছে ৷

উল্লেখ্য যে বোন্দা কলনীৰ এটি টিলাত বসবাস কৰা চাৰি শতাধিক লোকৰ পানীৰ গভীৰ সমস্যা আৰু পানীজনিত বিভিন্ন ৰোগত আক্রান্ত হোৱাৰ প্রতি লক্ষ্য কৰি পানীখাইতীস্থিত বোন্দা–বীৰকুছি বৃহৎ পানীযোগান আঁচনিটোৰ অধীনত বোন্দা কলনী আৰু আমগাঁও এলেকাৰ লোকৰ বাবে ইয়াত বোন্দাগ্রাণ্ট পানীযোগান আঁচনি নামেৰে ২০১৫ চনত এটা আঁচনি স্থাপন কৰে ৷ আনকি পানী মজুত কৰি ৰাখিবৰ বাবে টিলাৰ ওপৰত কেইবাহাজাৰ লিটাৰ পানী ৰাখিব পৰা এটা ভঁৰালো নির্মাণ কৰে ৷

পানীখাইতীৰ মূল আঁচনিখনৰ পৰা প্রথমে পানী মজুত কৰিব পৰাকৈ বিজু শর্মা নামৰ লোকজনৰ ঘৰৰ কাষতে এটা ভঁৰাল নির্মাণ কৰে বিভাগে ৷ তাৰ পৰা মটৰৰ সহায়ত টিলাৰ ওপৰৰ টেংকীলৈ পানী উত্তোলন কৰি দুই শতাধিক ঘৰুৱা সংযোগ তথা গ্রাহকসহ চাৰি শতাধিক পৰিয়ালে বিশুদ্ধ পানী লাভ কৰিছিল ৷ দীর্ঘদিনীয়া পানীৰ সমস্যাত ভুগি থকা অঞ্চলবাসীয়ে উক্ত পানী যোগান আঁচনিখন স্থাপন হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছিল ৷ কিন্তু আশ্চর্যজনকভাৱে মাত্র এটা বছৰ পিছতে বিকল হৈ পৰে উক্ত পানী যোগান আঁচনিখন ৷

জানিব পৰা মতে তলৰ ভঁৰালৰ পৰা টিলাৰ ওপৰত থকা টেংকীলৈ পানী উত্তোলন কৰিবৰ বাবে ব্যৱহাৰ কৰা মটৰটো বিকল হোৱাৰ বাবে আঁচনিখনেই বন্ধ হৈ পৰে ৷ সেই দিনটোৰ পৰা সংশ্লিষ্ট বিভাগে মটৰটো মেৰামতি কৰাৰ বাবে বিগত ৫টা বছৰে কোনো পদক্ষেপ গ্রহণ নকৰিলে বুলি উপভোক্তা তথা স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ আনকি আঁচনিখন পৰিচালনাৰ বাবে থকা পৰিচালনা সমিতিখনেও কোনো গুৰুত্ব প্রদান নকৰাত আঁচনিখন বর্তমান হাবিয়ে আৱৰি ধৰিছে ৷ ইয়াৰ পৰিণতিত অঞ্চলবাসীয়ে পুনৰ বিশুদ্ধ পানীৰ পুৰণিকলীয়া একে সমস্যাত ভুগিবলৈ লৈছে ৷

You might also like