নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যাতায়াতত দুর্ভোগ ফটাশিল আমবাৰীৰ শ্বহীদ কুমুদ গগৈ পথৰ বাসিন্দাৰ

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ গুৱাহাটী পৌৰ নিগম আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ অদূৰদর্শিতাৰ বাবে দুর্ভোগ ভুগিবলগীয়া হৈছে ফটাশিল আমবাৰীৰ শ্বহীদ কুমুদ গগৈৰ পথৰ বাসিন্দাসকলে৷ ৭নং ৱার্ডৰ অন্তর্গত উক্ত পথটো মেৰামতি কৰাৰ বাবে বিধায়ক কলিতাৰ লগতে জিএমচি কর্তৃপক্ষই কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷ ফলত জৰাজীর্ণ পথেৰে অঞ্চলবাসীয়ে যাতায়াত কৰিবলগীয়া হৈছে৷

কেৱল যাতায়াতেই নহয় উক্ত পথটোত নলা–নর্দমাৰ সু–ব্যৱস্থা নাই৷ যাৰ ফলত সাধাৰণ এজাক বৰষুণতে বোকা–পানী খচকি অঞ্চলবাসীয়ে অহা–যোৱা কৰিবলগীয়া হৈছে৷ নির্বাচনৰ পূর্বে বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই আধাৰশিলা স্থাপনেৰে চমক সৃষ্টি কৰিছে যদিও উক্ত পথটো মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্রহণ নকৰাত অঞ্চলবাসীয়ে ক্ষোভ প্রকাশ কৰিছে৷

You might also like