নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাচিত নগৰ–বিৰুবাৰীত পথ মুকলি মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ লোকনির্মাণ বিভাগ আৰু গুৱাহাটী পৌৰ নিগমৰ পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰে নির্মাণ কৰা তিনিটা পথ আজি মুকলি কৰে মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই৷ গুৱাহাটী পৌৰ নিগমৰ পঞ্চদশ বিত্তীয় আয়োগৰ ২৭.৫৫ লাখ টকা ব্যয়েৰে নির্মাণ কৰা লাচিত নগৰৰ ৰঘুনাথ চৌধাৰী পথ আৰু ২৮ লাখ টকা ব্যয়েৰে নির্মাণ কৰা লাচিত লেনটো শতাধিক ৰাইজৰ উপস্থিতিত মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই মুকলি কৰে৷ ইয়াৰ পিছতে লোকনির্মাণ বিভাগৰ অনুদানেৰে বিৰুবাৰী মছজিদ পথটো মন্ত্রীগৰাকীয়ে উদ্বোধন কৰি ৰাইজৰ লগত মত বিনিময় কৰে৷

You might also like