নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনত দুগ্ধ ব্যৱসায়ীৰ হাহাকাৰ

নিয়মীয়া বাৰ্তা, ৩০জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ গণসংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীত দেওবাৰে মাজনিশাৰ পৰা কার্যকৰী হোৱাকৈ ঘোষণা কৰা তলাবন্ধৰ প্রথমটো দিনতে নাৰেংগীত আৰক্ষী আৰু দুগ্ধ ব্যৱসায়ীৰ মাজত তীব্র সংঘাতৰ সৃষ্টি হয়৷ কঠোৰ তলাবন্ধৰ মাজতে জিলা প্রশাসনৰ অনুমতি–পত্র িবহনে দুগ্ধ ব্যৱসায়ীসকলক গাখীৰ বিক্রী কৰিবলৈ অহাত আৰক্ষীয়ে বাধা আৰোপ কৰাত নাৰেংগীৰ ফৰেষ্ট গেটত পুৱা ক্ষুব্ধ ব্যৱসায়ীসকলে উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷

তদুপৰি আৰক্ষীয়ে ব্যৱসায়ীসকলক পথৰ ওপৰত নির্মাণ কৰা বেৰিকেড অতিক্রম কৰাত বাধা আৰোপ কৰাত সমৱেত ব্যৱসায়ীসকলে ৰাজপথত শ শ লিটাৰ গাখীৰ পেলাই আৰক্ষী প্রশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰে৷ নাৰেংগীকে ধৰি মহানগৰীৰ বিভিন্ন অঞ্চলত ঘৰে ঘৰে গাখীৰ বিতৰণ কৰ্বিলৈ চন্দ্রপুৰ দিশৰ পৰা অহা ব্যৱসায়ীসকলে কঢ়িয়াই অনা শ শ লিটাৰ গাখীৰ ঢ়ালি প্রতিবাদ সাব্যস্ত কৰাত ৰাজ পথত গাখীৰৰ ধল বৈ যোৱা পৰিলক্ষিত হয়৷ ইপিনে, মালিগাঁৱৰ গোশালাতো আজি পুৱা গাখীৰ কঢ়িওৱাত আৰক্ষীয়ে বাধা আৰোপ কৰাত গো–পালক সন্থাই প্রতিবাদ সাব্যস্ত কৰে৷

অত্যাৱশ্যকীয় সেৱাক ৰেহাই দিয়াৰ পিছতো লকডাউনৰ বােব আৰক্ষীয়ে গাখীৰ কঢ়িওৱাত বাধা আৰোপ কৰাত গোশালা নেপালী মন্দিৰৰ সমীপত সন্থাৰ সদস্যসকলে প্রায় ১৫০ লিটাৰ গাখীৰ পথত পেলাই ক্ষোভ উজাৰে৷ উল্লেখ্য যে অত্যাৱশ্যকীয় সামগ্রী কঢ়িওৱাৰ নামত ইতিপূৰ্বে বহু লোকে লকডাউনৰ নীতি উলংঘা কৰি মহানগৰ্বাসীলৈ অশনি সংকেত কঢ়িয়াই আহিছে৷

You might also like