নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ মাজতে ভঙাগড় থানা চৌহদৰ পৰা ক্রেন চুৰিঃ বিশ্বনাথত ধৃত গভাইত চোৰ

নিয়মীয়া বাৰ্তা, ১৭ এপ্রিলঃ ক’ৰোনা ভাইৰাছ সংক্রমণ ৰোধৰ বাবে ঘোষণা কৰা লকডাউনৰ মাজতে মহানগৰীৰ ভঙাগড় থানাৰ পৰা এখন ক্রেন চুৰি হয় ৷ আৰক্ষীৰ জিম্মাত থকা এএছ–৩০–৭৯৯৬ নম্বৰৰ ক্রেনখন দুর্বৃত্তই বুধবাৰে নিশা চুৰ কৰি গুৱাহাটীৰ পৰা বিশ্বনাথ চাৰিআলিত উপস্থিত হয় ৷ লকডাউনৰ সময়ছোৱাত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ নিৰাপত্তাৰ বেহু ফালি বিশ্বনাথ চাৰিআলিৰ নয়নজ্যোতি মেধি নামৰ গভাইত চোৰটোৱে গুৱাহাটীৰ পৰা ক্রেনখন প্রায় ২৫০ কিলোমিটাৰ দূৰত্ব অতিক্রম কৰি বিশ্বনাথত উপস্থিত হয় ৷ পাছত বিশ্বনাথ আৰক্ষীয়ে নিশা সোধা–পোছা কৰি গভাইত চোৰটোক গ্রেপ্তাৰ কৰাৰ লগতে ক্রেনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বিশ্বনাথ আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দর্ভত ভঙাগড় আৰক্ষীৰ লগত যোগাযোগ কৰিছে৷ ঘটনা সন্দর্ভত ভঙাগড় থানাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আজি বিশ্বনাথ অভিমুখে ৰাওনা হয়৷ প্রাপ্ত খবৰ মতে, ধৃত চোৰটোৱে ক্রেনখন প্রথমতে কঁহৰালৈ লৈ যোৱাৰ পাছত বিশ্বনাথ অভিমুখে গৈ থকাৰ সময়তে আৰক্ষীৰ জালত পৰে ৷ আৰক্ষীয়ে থানাৰ চৌহদৰ পৰা দুর্বৃত্তই কেনেকৈ ক্রেনখন চুৰ কৰি নিশাৰ ভিতৰতে বিশ্বনাথ চাৰিআলিত উপস্থিত হ’বলৈ পালে সেয়া এক ৰহস্যৰ বিষয়৷ অৱশ্যে এই সন্দর্ভত মহানগৰ আৰক্ষীয়ে কোনো তথ্য সদৰী কৰা নাই৷ মন কৰিবলগীয়া কথা এই যে আৰক্ষীয়ে লকডাউনৰ সময়ছোৱাত যান–বাহন স্থানান্তৰ কৰাৰ বাবে ক্রেনখন ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে ৷

You might also like