নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লালগণেশত দুর্বৃত্তই কাঢ়িলে মহিলাৰ এক লাখ টকা

নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট: ক’ৰোনা মহামাৰীক লৈ গুৱাহাটী মহানগৰীত দীর্ঘদিন ধৰি চলি থকা কঠোৰ লকডাউন শেহতীয়াকৈ শিথিল কৰাৰ লগে লগে মহানগৰীত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা৷  লালগণেশত বাইকত দুজনীয়া দুর্বৃত্তই এগৰাকী মহিলাৰ এক লাখ টকা কাঢ়ি লৈ উধাও হয়৷

আৰক্ষী সূত্রই জনোৱা মতে, ওদালবাক্রাৰ দুলুৰাণী পাল (৭০) নামৰ মহিলাগৰাকীয়ে লালগণেশৰ চেণ্ড্রেল বেংকৰ পৰা এক লাখ টকা উলিয়াই ঘৰমুৱা হয়৷ মহিলাগৰাকী লালগণেশৰ চেণ্ড্রল বেংকৰ পৰা টকাৰ বেগটো লৈ ওলাই অহাৰ পাছতেই বেংকৰ সমীপত দিনৰ প্রায় ১২.৪০ বজাত বাইকত অহা দুজনীয়া দুর্বৃত্তৰ দলটোৱে মহিলাগৰাকীক আগচি ধৰি টকাৰ বেগটো কাঢ়ি লয়৷ মহিলাগৰাকীয়ে চিঞৰ–বাখৰ কৰে যদিও কোনো লোক উপস্থিত হোৱা নাছিল৷

ঘটনা সন্দর্ভত ভুক্তভোগী মহিলাগৰাকীয়ে ফটাশিল আমবাৰী থানাত এজাহাৰ দাখিলৰ কৰাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৯২ ধাৰাত ৩১১/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি চিচি টিভিৰ ফুটেজৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে যদিও দুর্বৃত্তৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷

You might also like