নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলসাঁকোত খিলঞ্জীয়াক প্রত্যাহ্বান দখলকাৰীৰ

জলাশয়ৰ ভূমি বেদখল কৰিবলৈ অহা সন্দেহযুক্তক বাধা দিয়াত উত্তেজনা

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ দিনাই সন্দেহযুক্ত লোকে গুৱাহাটীৰ পথৰকোৱাৰীৰ মেগজিনৰ শান্তিনগৰত শিলসাঁকো বিলৰ ভূমি বেদখলক কেন্দ্র কৰি তীব্র উত্তেজনাই বিৰাজ কৰে ৷ আৰক্ষী আৰু শিলসাঁকো সংৰক্ষণ সমিতিয়ে শিলসাঁকো বিলৰ পৰা সন্দেহযুক্ত বেদখলকাৰীক খেদি পঠিয়ায় ৷ ইপিনে ভি আই পি ৰোডৰ পৰা শিলসাঁকো বিললৈ অহা নলাটো এগৰাকী ব্যৱসায়ীয়ে নিশা পুতি পেলায় ৷ এই বিষয়ে জানিব পাৰি ৰাইজ উত্তেজিত হৈ পৰে ৷ উত্তেজিত জনতাই জেচিবি লগাই নলাটো খান্দি মুকলি কৰি দিয়ে ৷

উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজনিত গোচৰ বিচাৰাধীন হৈ থকা শিলসাঁকো বিলত দেওবাৰে একাংশ মহিলাৰ নেতৃত্বত এটা দুষ্টচক্রই ভূমি বেদখল কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ উত্তেজিত জনতাই বেদখলকাৰীক শিলসাঁকো বিলৰ পৰা আঁতৰি যাবলৈ কোৱাত বেদখলকাৰীয়ে ৰাইজক আক্রমণ কৰিবলৈ উদ্যত হয় ৷ ইয়াকে লৈ দুইপক্ষৰ মাজত তীব্র উত্তেজনাই বিৰাজ কৰে ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে ৷ উল্লেখ্য যে গুৱাহাটীৰ পাথৰকুঁৱেৰীৰ শিলসাঁকো বিলত দেওবাৰে পুৱাৰ ভাগত একাংশ মহিলাৰ নেতৃত্বত এটা দুষ্টচক্রই জলাশয়ৰ ভূমি বেদখল কৰি মাটি পুতি ঘৰ নির্মাণৰ প্রস্তুতি চলায় ৷ এই বিষয়ে স্থানীয় ৰাইজে জানিব পাৰি সমাজকর্মী ধর্ম ডেকাৰ নেতৃত্বত এটা দল ঘটনাস্থলীত উপস্থিত হৈ জলাশয়ৰ ভূমিত ঘৰ নির্মাণত বাধা আৰোপ কৰে ৷

ইয়াকে লৈ দুইপক্ষৰ মাজত তীব্র বাক–বিতণ্ডাৰ সৃষ্টি হয় ৷ ঘটনা সন্দর্ভত স্থানীয় ৰাইজে নুনমাটি আৰক্ষীক খবৰ দিয়ে৷ থানাৰ ভাৰপ্রাপ্ত বিষয়া ৰাজীৱ বৰুৱাৰ নেতৃত্বত এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উত্তেজনাময় পৰিস্থিতি নিয়ন্ত্রণ কৰে ৷ তদুপৰি আৰক্ষী বিষয়া বৰুৱাই নির্মাণকার্য বন্ধ কৰিবলৈ নির্দেশ দিয়ে ৷ উক্ত নির্দেশৰ ভিত্তিত জলাশয়ত নির্মাণকার্য বন্ধ কৰিবলৈ বেদখলকাৰীয়ে বাধ্য হৈ পৰে ৷ ইপিনে জলাশয়ত ভূমি বেদখল কৰা দুষ্টচক্রটোক উচ্ছেদ কৰিবলৈ সমাজকর্মী ধর্ম ডেকাই কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিত পেগুৰ ওচৰত দাবী জনায়৷ ইপিনে জলাশয়ৰ ভূমি বেদখল কৰা মহিলাসকলে জলাশয়ৰ ভূমি দলিলযোগে ক্রয় কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷ এই ঘটনাৰ পিছতে পাথৰকোৱেৰীৰ ৰাইজে ধর্ম ডেকাক সভাপতি হিচাপে লৈ শিলসাঁকো সংৰক্ষণ উন্নয়ন সমিতি গঠন কৰি দিছে৷ সভাৰ প্রস্তাৱমর্মে উক্ত জলাশয়ৰ ভূমি সংৰক্ষণ কৰিবলৈ সমিতিয়ে কামৰূপ মহানগৰ জিলা উপযুক্তক এখন স্মাৰক–পত্র প্রদান কৰিছিল ৷

You might also like