‘সম্ভৱ হ’লে গুৱাহাটীত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ চিন্তা-চৰ্চা কৰা হৈছে’
নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ ৰাজ্যৰ স্বাস্থ্য খণ্ডত নতুন সংযোজন। আজি নিযুক্তি দিয়া হয় ১৫৭গৰাকী চিকিৎসকসহ ২০১গৰাকী নাৰ্চক। এয়া স্বাস্থ্য বিভাগৰ এক সাফল্য বুলিব পাৰি। ক’ৰোনা ভাইৰাছৰ আতংকৰ সময়তো নিযুক্তি পত্ৰ লাভ কৰি উৎফুল্লিত হৈ পৰিছে নৱ-নিযুক্তসকলে। নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠাত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত নিৰ্মাণ হৈ থকা মেডিকেল কলেজৰ কাম অতি শীঘ্ৰে আৰম্ভ হোৱাৰ বিপৰীতে নতুনকৈ নিৰ্মাণ হ’ব কেইবাখনো মেডিকেল কলেজ। লগতে গুৱাহাটী মহানগৰীত নতুনকৈ আৰু এখন মেডিকেল কলেজ নিৰ্মাণৰ বাবে চিন্তা-চৰ্চা কৰা হৈছে বুলিও কয় মন্ত্ৰী ড০ শৰ্মাই। GMCHত ওপৰত থকা হেঁচা হ্ৰাসৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।