সাতগাঁৱৰ গণেশ মন্দিৰত চোৰৰ লুটপাত
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ লকডাউনৰ মাজতে যোৱানিশা সাতগাঁৱৰ কোঁচপাৰা গণেশ মন্দিৰত চোৰে লুটপাত চলায়৷ সোমবাৰে নিশা হোৱা বৰষুণৰ সুযোগ লৈ চোৰৰ দলটোৱে গণেশ মন্দিৰৰ দুটা প্রণামীৰ বাকচ ভাঙি ধনখিনি লুট কৰি নিয়ে৷
মঙলাবাৰে পুৱা এই ঘটনা পোহৰলৈ অহাত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে৷ ঘটনাস্থলীত সাতগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ চিচি টিভিৰ ফুটেজত চাৰিটা দুর্বৃত্তই লুটপাত চলোৱাৰ কথা পোহৰলৈ আহে৷ উল্লেখ্য যে ১৯৭৬ চনতে সাতগাঁও অঞ্চলত প্রতিষ্ঠা কৰা এই গণেশ মন্দিৰটোত চুৰি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷