নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাতগাঁৱৰ যুৱ ব্যৱসায়ীক অপহৰণত অভিযুক্ত দুই যুৱকক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ লকডাউন আৰু সান্ধ্য আইনৰ মাজতে যোৱা ৩১ আগষ্টৰ নিশা সাতগাঁৱৰ হিমাংশু আগৰৱালা নামৰ যুৱ ব্যৱসায়ীজনক অপহৰণ কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত নুনমাটি আৰক্ষীয়ে দুজন যুৱকক গ্রেপ্তাৰ কৰিছে৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা যুৱক দুজন ক্রমে ৰক্তিম কাশ্যপ (২৪) আৰু আশিক আলী (২৪)৷ কালি নিশা নুনমাটি থানাৰ আৰক্ষীয়ে ধৃত দুই যুৱকক হিমাংশু আগৰৱালাৰ অপহৰণ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত গ্রেপ্তাৰ কৰে৷ অভিযানকাৰী দলটোৱে এএছ–০১এ আৰ–৪২৪২ নম্বৰ এখন বুলেট আৰু তিনিটা ম’বাইল ফোন জব্দ কৰে৷ সম্প্রতি নুনমাটি থানাত দুই যুৱকক এই অপহৰণকাণ্ড সন্দর্ভত জেৰা অব্যাহত ৰাকিছে৷

উল্লেখ্য যে ৩১ জুলাইত হিমাংশুক পাথৰকুৱেৰীৰ এছ এফ এছ স্কুলৰ সন্মুখত এখন ছুইফট ডিজায়াৰ আৰু মাৰুতি ভেনত অহা ৯জনীয়া দুর্বৃত্তৰ দল এটাই আগচি ধৰি অপহৰণ কৰি বিজি য়ার্ডলৈ নিছিল৷ দুর্বৃত্তৰ দলটোৱে মুক্তিপণ হিচাপে আগৰৱালাৰ পৰা ৫ লাখ টকা দাবী কৰিছিল৷ অৱশ্যে ব্যৱসায়ী হিমাংশুৱে দুর্বৃত্তৰ দলটোক গুগ’ল পে’ৰ জৰিয়তে ৯৭ হাজাৰ টকা আদায় দিছিল৷ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ ৰাখিছে যদিও অপহৰণ কাণ্ডৰ লগত জড়িত আনকেইটা দুর্বৃত্তক এতিয়াও আটক কৰিবলৈ সক্ষম হোৱা নাই৷

You might also like