নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ গুৱাহাটীক দেশৰ অন্যতম পৰিষ্কাৰ মহানগৰ হিচাপে গঢ়ি তোলাৰ বাবে জিলা প্রশাসন তথা পৌৰ নিগমে যি সময়ত বিভিন্ন কার্যসূচী গ্রহণ কৰি সজাগতা বৃদ্ধিৰ প্রচেষ্টা অব্যাহত ৰাখিছে, সেই সময়তে উজানবজাৰস্থিত জি এম চি মার্কেট কদর্য হৈ পৰা পৰিলক্ষিত হৈছে ৷ পৌৰ নিগমৰ কার্যালয়ৰ নিচেই কার্যত থকা বজাৰৰ চৌদিশে দ’মাই থোৱা আৱর্জনাই পৰিৱেশ বিনষ্ট কৰাৰ সমান্তৰালকৈ এক পূতিগন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছে ৷ পেলনীয়া সামগ্রী আৰু সুৰাৰ বটলৰ লগতে অন্যান্য আৱর্জনাৰে বজাৰখন ভৰি পৰাৰ পাছতো পৌৰ নিগমৰ বিষয়া–কর্মচাৰীয়ে চকুমুদা কুলিৰ ভাও জুৰিছে ৷ বজাৰখনৰ বিভিন্ন সমস্যা সন্দর্ভত ব্যৱসায়ীসকলে জি এম চি কর্তৃপক্ষক বাৰম্বাৰ অৱগত কৰাৰ পাছতো বিভাগীয় কর্তৃপক্ষই গুৰুত্ব আৰোপ নকৰা বুলি একাংশ ব্যৱসায়ীসকলে জানিবলৈ দিছে ৷ ব্যৱসায়ীসকলে জানিবলৈ দিয়া মতে, বজাৰখনত পর্যাপ্ত পানী, শৌচাগাৰ–প্রস্রাৱাগাৰ নাই ৷ শেহতীয়াকৈ শৌচাগাৰ নির্মাণ কৰিছে যদিও ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়া নাই ৷ ইপিনে একাংশ অসাধু লোকে নিশা হ’লেই বজাৰখনত নিয়মীয়াকৈ সুৰাৰ আড্ডা পাতি পৰিৱেশ বিনষ্ট কৰিছে ৷ সুৰাপায়ী উদণ্ড লোকে সুৰা সেৱন কৰি জধে–মধে সুৰাৰ বটল দলিয়াই পেলোৱা পৰিলক্ষিত হৈছে ৷ পর্যাপ্ত নলা–নর্দমাৰ অভাৱত পানী ওলাই যাব নোৱাৰা বাবে বজাৰখন কদর্য হৈ পৰিছে ৷ কদর্য আৰু পূতিগন্ধময় পৰিৱেশৰ বাবেই বজাৰখনত ক্রমাৎ গ্রাহকৰ সংখ্যা হ্রাস পোৱাত বজাৰখনত দুই শতাধিক ব্যৱসায়ীয়ে মূৰে–কপালে হাত দিছে৷ একাংশ ব্যৱসায়ীয়ে আনকি ব্যৱসায় এৰিবলগীয়া হৈছে বুলি জানিব পৰা গৈছে ৷ সেয়ে বজাৰখনৰ সমস্যা সমাধানৰ বাবে ব্যৱসায়ীসকলে জি এম চি কর্তৃপক্ষক আহ্বান জনাইছে ৷