সোমবাৰৰ পৰা মহানগৰীত চলিব চিটী বাছ
নিয়মীয়া বাৰ্তা, ৩ মেঃ সোমবাৰৰ পৰা মহানগৰীত চলিব চিটীবাছ । ৫০ শতাংশ যাত্ৰী কঢ়িয়াব পাৰিব বাছসমূহে কোনো যাত্ৰী থিয় হৈ যাব নোৱাৰিব। ASTCৰ কৰ্তৃত্বশীলভাৱে চলিব বাছ সমূহ। আনহাতে সন্ধ্যা ৫ বজাৰ লগে লগে বন্ধ হৈ পৰিব এই সেৱা। সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰাটো হ’ব বাধ্যতামূলক। টেক্সী, ৰিক্সা, অটোসমূহো চলিব পাৰিব কিন্তু চৰকাৰী নিয়মসমূহো মানিব লাগিব। অন্যথা কঠোৰ হ’ব আৰক্ষী।