নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেঙেৰাবাৰীত প্রধানমন্ত্রী ভাৰতীয় জন ঔষধি কেন্দ্র মুকলি

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ মহানগৰীৰ হেঙেৰাবাৰীত সোমবাৰে এটা প্রধানমন্ত্রী জন ঔষধি কেন্দ্র মুকলি কৰা হয়৷ হেঙেৰাবাৰী চাৰিআলিত এই কেন্দ্রটো আনুষ্ঠানিকভাৱে মুকলি কৰে প্রধানমন্ত্রী জন ঔষধি কেন্দ্রৰ ৰাজ্যিক জ’নেল মেনেজাৰ আশিস চক্রৱর্তীয়ে৷ জন ঔষধি কেন্দ্রটো মুকলি কৰি ইয়াৰ দ্বাৰা বৃহত্তৰ হেঙেৰাবাৰীৰ লগতে মহানগৰীৰ বিভিন্ন স্থানৰ সর্বসাধাৰণ লোক বিশেষভাৱে উপকৃত হ’ব বুলি তেওঁ মতামত ব্যক্ত কৰে৷

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ ভাৰত চৰকাৰৰ সাৰ আৰু ৰাসায়নিক মন্ত্রালয়ৰ সহযোগত সমগ্র দেশতে এই কেন্দ্রসমূহ স্থাপন কৰা হৈছে৷ ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্যত ৭,১৫০টা, অসমৰ বিভিন্ন জিলাত ৭১টা আৰু গুৱাহাটী মহানগৰীত ৬টাকৈ জন ঔষধি কেন্দ্র স্থাপন কৰা হৈছে৷ কেন্দ্রটোৰ স্বত্বাধিকাৰী ৰূপা ৰয়ে জানিবলৈ দিয়া মতে এই কেন্দ্রটোৰ জৰিয়তে অতি সুলভ মূল্যত সর্বসাধাৰণ লোকক ঔষধ আৰু অন্যান্য সামগ্রী যোগান ধৰাৰ প্রয়াস কৰা হৈছে৷ কোনো ৰোগত আক্রান্ত লোক যাতে আর্থিক দৈন্যৰ বাবে উপযুক্ত ঔষধৰ পৰা বঞ্চিত হ’ব লগা নহয়, তাৰ বাবে এই পদক্ষেপ গ্রহণ কৰা বুলি ৰূপা ৰয়ে জানিবলৈ দিছে৷ উল্লেখ্য যে জন ঔষধি কেন্দ্র মুকলি কৰাৰ সময়তে বহু গ্রাহকে ঔষধ ক্রয় কৰে৷

You might also like