নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোম আইছ’লেচনৰ নির্দেশনা মানি চলাৰ আহ্বান উপায়ুক্তৰ

নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ  ক’ভিড–১৯ পজিটিভ চিনাক্ত হোৱা ব্যক্তিসকলক স্বাস্থ্য বিভাগে হোম আইছ’লেচনত থকাৰ অনুমতি প্রদান কৰিছে৷ স্বাস্থ্য বিভাগৰ নীতি–নিয়ম অনুসৰি হোম আইছ’লেচনত থকা ব্যক্তি আৰু তেওঁৰ পৰিয়ালক স্বাস্থ্য বিভাগৰ নীতি–নিয়ম কঠোৰভাৱে মানি চলিবলৈ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে আহ্বান জনাইছে৷

হোম আইছ’লেচনত থকাৰ অনুমোদন লাভ কৰা ব্যক্তিসকল আৰু তেওঁৰ পৰিয়ালৰ লোকে পৰিয়াল আৰু সমাজৰ সুৰক্ষাৰ স্বার্থত বাহিৰলৈ ওলাই আহিব নালাগে৷ হোম আইছ’লেচনত থকা বহু লোক আৰু তেওঁৰ পৰিয়ালে স্বাস্থ্য বিভাগৰ নীতি–নির্দেশনা উলংঘা কৰি বাহিৰলৈ ওলাই অহা প্রশাসনৰ দৃষ্টিগোচৰ হৈছে৷ বিগতকেইদিনত হোম আইছ’লেচনত থকাৰ সুবিধা লাভ কৰা ৬৬গৰাকী ক’ভিড পজিটিভ ব্যক্তিৰ ১৮গৰাকীয়ে নীতি–নিয়ম উলংঘা কৰিছিল৷ জিলা প্রশাসনে এই তথ্য লাভ কৰাৰ পাছতে ১৮গৰাকী ব্যক্তিৰ হোম আইছ’লেচন বাতিল কৰি ক’ভিড কেয়াৰ চেণ্টাৰলৈ প্রেৰণ কৰে৷ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে হোম আইছ’লেচনত থকা ব্যক্তিসকলক চিকিৎসাজনিত পৰামর্শ আৰু অন্যান্য ঔষধ–পাতিৰ বাবে ১০৪ত ফোনযোগে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে৷

You might also like