নিয়মীয়াবার্তা, ২৭ ডিচেম্বৰ: ৰাজ্যৰ একমাত্র পক্ষী অভয়াৰণ্য দীপৰ বিলৰ সংৰক্ষণ আৰু সংবর্ধনৰ বাবে ৰাজ্য চৰকাৰে স্মার্ট চিটীৰ সৈতে সংলগ্ণ কৰাৰ সময়তে দেশী–বিদেশী পৰিভ্রমী পক্ষীৰ জলকেলি বিপদাপন্ন কৰি সহস্রাধিক লোকে দীপৰৰ বুকু বিদীর্ণ কৰিবলৈ প্রস্তুতি চলোৱা কার্যই ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷
উল্লেখ্য যে শীতৰ আগমনৰ লগে লগে দেশী–বিদেশী পৰিভ্রমী বিহংগৰে ভৰি পৰে দীপৰ বিল৷ কিন্তু একাংশ মাছমৰীয়া লোকৰ বাবে পৰিভ্রমী পক্ষীৰ জলকেলিত প্রত্যাহ্বানৰ সৃষ্টি কৰিছে৷ কিয়নো দৈনিক বহু মাছমৰীয়া লোকে নাও লৈ বিলখনত মৎস্য চিকাৰ কৰি থকাৰ বাবে চৰাইবোৰ ভীতিগ্রস্ত হৈ পৰে৷ ইয়াৰ সমান্তৰালভাৱে অহা ৫ জানুৱাৰীৰ পৰা এসপ্তাহ ধৰি বিলখনৰ বুকু বিদীর্ণ কৰি চলিব মাছ মৰা উৎসৱ৷ ৪ জানুৱাৰীৰ নিশা ১২ বজাৰ লগে লগে পাঁচ শতাধিক নাৱত উঠি সহস্রাধিক লোকে বিলখনত জাল লৈ মাছ মাৰিব৷ সহস্রাধিক লোকে দিনে–নিশাই এসপ্তাহজুৰি বিলখনত পিতপিতাই মৎস্য চিকাৰ কৰাৰ ফলত বিলখনত থকা দেশী–বিদেশী পৰিভ্রমী পক্ষীবোৰ দিশহাৰা হৈ যেনি তেনি উৰি যাব৷ বিলখনৰ পৰা আঁতৰি দাঁতি কাষৰীয়া খাল–জলাশয়ত আশ্রয় লোৱা চৰাইবোৰক একাংশ লোকে জাল পাতি বধ কৰি ভক্ষণ কৰিব৷ ৰামচাৰ চাইট খ্যাত ৰাজ্যৰ একমাত্র পক্ষী অভয়াৰণ্য হিচাপে চিহ্ণিত বিলখনত এইদৰে সহস্রাধিক লোকে সমূহীয়াভাৱে মাছ মৰা উৎসৱ পাতি বিলখনৰ পৰিৱেশ বিনষ্ট কৰি অহাৰ পিছতো ৰাজ্য চৰকাৰে এই অনৈতিক কার্য বন্ধ নকৰা বিষয়টোৱে প্রকৃতিপ্রেমী সংগঠনসমূহকে ধৰি সচেতন লোকসকলক স্বাভাৱিকতে ক্ষুব্ধ কৰি তুলিছে৷ আৰক্ষী আৰু জিলা প্রশাসনে এই সন্দর্ভত নিয়মমাফিক নিষেধাজ্ঞা আৰোপ কৰে যদিও আৰক্ষী–প্রশাসনৰ বৰমূৰীয়াৰ উপস্থিতিতে চলি আহিছে মাছ মৰা তথাকথিত উৎসৱ৷
ইপিনে বন বিভাগৰ নির্দেশনা অনুসৰি দীপৰ বিলৰ পাঁচশ মিটাৰ ব্যাসার্ধৰ ভিতৰত কোনো খনন, নির্মাণকার্য আৰু মাছ মৰাৰ ক্ষেত্রত ১৪৪ ধাৰা জাৰি কৰা আছে৷ দেশী–বিদেশী পৰিভ্রমী পক্ষীৰ স্বাভাৱিক জলকেলি বিনষ্ট নোহোৱাৰ বাবে বিলখনৰ পাঁচশ মিটাৰ ব্যাসার্ধৰ ভিতৰত কোনো যান্ত্রিক শব্দ, উচ্চ প্রাবল্যৰ শব্দ কৰাতো নিষেধাজ্ঞা আৰোপ কৰি বন বিভাগৰ তৰফৰ পৰা ১৪৪ ধাৰা জাৰি কৰা আছে৷ ইয়াৰ পিছতো পাঁচ শতাধিক নাৱেৰে সহস্রাধিক লোকে কিদৰে মাছ মৰা উৎসৱ পালন কৰিব সেয়া অতি ৰহস্যৰ বিষয়৷ তদুপৰি অকল দীপৰ বিলৰ তদাৰক কৰাৰ বাবে এটি সুকীয়া বনাঞ্চলিক কার্যালয় থকাৰ লগতে এই কার্যালয়ত ৰেঞ্জাৰসহ বহু সংখ্যক বিষয়া–বনকর্মী কর্মৰত হৈ আছে৷ প্রকৃতিপ্রেমী দল–সংগঠনৰ উপৰি দাঁতি কাষৰীয়া লোকসকলে ঐতিহ্যমণ্ডিত বিলখনত এইদৰে সমূহীয়াভাৱে মাছ মৰা উৎসৱ বন্ধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ মহানগৰ জিলা আৰু আৰক্ষী প্রশাসনৰ লগতে বন বিভাগক দাবী জনাইছে৷