ৰাজ্যৰ অব্যাহত আছে চোৰাং কয়লা সৰবৰাহ; কয়লাভৰ্তি ছয়খন বাহন জব্দ আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ ৰাজ্যত অব্যাহত আছে কলা হীৰা হিচাপে পৰিচিত কয়লাৰ চোৰাং বেহা । আৰক্ষীৰ একাংশক মেনেজ কৰি ৰাণীকে ধৰি অসম-মেঘালয় সীমান্তৱৰ্তী বিভিন্ন পথেৰে চোৰাংভাৱে দৈনিক সৰবৰাহ হয় কয়লা । কালি নিশা পলাশবাৰী আৰক্ষীৰ এটা দলে মেঘালয়ৰ পৰা চোৰাংভাৱে কয়লা কঢ়িয়াই অনা ছয়খন বাহন জব্দ কৰাৰ পিছতে এই চোৰাং বেহাৰ কথা পোহৰলৈ আহে ।
জানিব পৰামতে অসম-মেঘালয় সীমান্তৱৰ্তী উমচুৰ , জিমিৰিগাওঁ , লোহাৰঘাট শুকুৰবেৰীয়া হৈ দক্ষিণ কামৰূপৰ বিভিন্ন ইটা ভাটালৈ সৰবৰাহ হয় এই চোৰাং কয়লাসমুহ । ইটা ভাটাৰ মালিক আৰু চোৰাং ব্যৱসায়ীয়ে দৈনিক গভীৰ নিশা সৰবৰাহ কৰি আছে এই কলা হীৰা খ্যাত কয়লা । গোপনসুত্ৰে পোৱা খবৰৰ ভিত্তিত পলাশবাৰী আৰক্ষীৰ এটা দলে কালি নিশা অভিযান চলায় চোৰাং কয়লা ভৰ্তি ৬ খন বলেৰ’ পিক আপ আৰু ডি আই গাড়ী জব্দ কৰিবলৈ সক্ষম হয় । As 25DC-0549 , As 01 GC- 1711 , AS 01 FC- 0788 নম্বৰৰ বলেৰ’ পিক আপ ভান আৰু As01DD-0734 , As25Ac- 15 89 , As01CC -9756 নম্বৰৰ ডি আই বাহন জব্দ কৰাৰ লগতে লোহাৰঘাট বাগানৰ মকবুল আলী আৰু ৰাহুল ৰাভাক আটক কৰিবলৈ সক্ষম হয় । অৱশ্যে আনকেইখন বাহনৰ চালক-হেন্দিমেনে পলায়ন কৰে ।
আনহাতে আৰক্ষীয়ে জব্দকৰা চোৰাং কয়লাভৰ্তি গাড়ীসমুহ মোকলাই নিবলৈ পলাশবাৰী আৰক্ষী থানাত ইটা ভাটাৰ মালিক আৰু একাংশ লোক উপস্থিত হোৱা দৃশ্যই স্বাভাবিকতে সৃষ্টি কৰিছে গভীৰ ৰহস্যৰ । মনকৰিবলগীয়া যে মেঘালয়ৰ পৰা চোৰাংভাৱে কয়লা কঢ়িয়াই অনা বিভিন্ন বাহন আজাৰা থানাৰ অন্তৰ্গত ৰাণীৰ বিভিন্ন পথেৰে অহাযোৱা কৰি থকাৰ গুৰুতৰ অভিযোগ উঠাৰ পিছতো আজাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে বিষয়টো সন্দৰ্ভত নিৰ্লীপ্ত হৈ থকা ঘটনাই গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে ।