ডেৰ লাখ টকাত বহিঃৰাজ্যত বিক্রী হয় অসমীয়া জীয়ৰী
হাতীগাঁও আৰক্ষীৰ অভিযানঃ দুই নাৰী সৰবৰাহকাৰীক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীত বাহৰ পাতি নাৰী সৰবৰাহকাৰী চক্রই অসমীয়া যুৱতীক বহিঃৰাজ্যত বিক্রী কৰি আহিছে৷ নাৰী সৰবৰাহকাৰী চক্রটোৱে বিভিন্ন প্রলোভনেৰে দৰিদ্র পৰিয়ালৰ অসমীয়া যুৱতী–মহিলাক বহিঃৰাজ্যত ডেৰ লাখ টকাত বিক্রী কৰাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ হাতীগাঁৱৰ পৰা এই নাৰী সৰবৰাহকাৰী চক্রটোৱে কৌশলেৰে এগৰাকী যুৱতীক দিল্লীলৈ নি ৰাজস্থানত ডেৰ লাখ টকাত বিক্রী কৰে৷ হাতীগাঁও থানাত ৰুজু হোৱা ৫২০/২০২০ নম্বৰৰ গোচৰটোৰ ভিত্তিত অভিযান চলাই হাতীগাঁও আৰক্ষীয়ে যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ লগতে দুই নাৰী সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ হাতীগাঁও থানাৰ ভাৰপ্রাপ্ত বিষয়া বীৰেন ডেকাই জানিবলৈ দিয়া মতে, হাতীগাঁৱৰ পৰা এগৰাকী যুৱতীক নাৰী সৰবৰাহকাৰী চক্রটোৱে বিগত বর্ষৰ ছেপ্টেম্বৰ মাহত ৰাজস্থানত বিক্রী কৰিছিল৷ হাতীগাঁও থানাৰ পৰা যোৱা ৫জনীয়া আৰক্ষীৰ এটা দলে নাৰী সৰবৰাহকাৰীৰ কবলৰ পৰা যুৱতীগৰাকীক ৰাজস্থানৰ পৰা উদ্ধাৰ কৰাৰ লগতে দুই সৰবৰাহকাৰী ললিতা দেৱী (৩২) আৰু জন্দুৰাম গুলজাৰক (৪২) গ্রেপ্তাৰ কৰে৷ অভিযানকাৰী দলটোৱে নাৰী সৰবৰাহকাৰী চক্রটোৰ কবলত পৰা গোৱালপাৰাৰ আন এগৰাকী যুৱতীকো উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ এই নাৰী সৰবৰাহকাৰী চক্রটোৰ বহুকেইজন সদস্য শীঘ্রেই হাতীগাঁও আৰক্ষীৰ জালত পৰিব বুলি ভাৰপ্রাপ্ত বিষয়া বীৰেন ডেকাই জানিবলৈ দিছে৷