নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০নং ৱার্ডঃ লাখটকীয়াবাসীয়ে ৩ বছৰে নাপালে পানী

নিয়মীয়া বাৰ্তা ২৫ জানুৱাৰীঃ প্রত্যাশাৰ পাঁচটা বছৰ প্রায় সম্পূর্ণ৷ বিভিন্ন সমস্যাৰে ভাৰাক্রান্ত মহানগৰবাসীয়ে পৰিৱর্তনৰ বতৰা লৈ অহা বিজেপি মিত্রজোঁট চৰকাৰখনক ক্ষমতাৰ গাদীত বহুৱাই অধীৰ আশাৰে বটা চাই প্রায় পাঁচটা বছৰ পাৰ কৰিলে৷ কিন্তু পৰিৱর্তনকামী চৰকাৰৰ দিনত সমস্যাৰ সমাধান নহ’ল৷ বিশেষকৈ মহানগৰীৰ ১০নং ৱার্ডৰ লোকসকল এশ এবুৰি সমস্যাৰ মাজত বসবাস কৰি আছে৷

বিশুদ্ধ খোৱাপানী, বাট–পথৰ দুৰৱস্থা, ষ্ট্রীট লাইট, কৃত্রিম বান আৰু নলা–নর্দমাৰ দীর্ঘদিনীয়া সমস্যা আজিও সমাধান নহ’ল৷ অঞ্চলটোৰ খোৱাপানীৰ সমস্যা দূৰ কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমে বিভিন্ন পদক্ষেপ গ্রহণ কৰাৰ লগতে যোৱা ২০১৭ চনত পানীৰ পাইপ বহুৱালে৷ তদানীন্তন জিএমচি কমিছনাৰ নাৰায়ণ কোঁৱৰে পানীৰ পাইপ পুতি ১০নং ৱার্ডৰ লাখটকীয়াবাসীক শীঘ্রে খোৱাপানী যোগান ধৰাৰ প্রতিশ্রুতি দিছিল৷ কিন্তু পাইপ পোতাৰ চাৰি বছৰ পিছতো স্থানীয় বাসিন্দাক পানীৰ সংযোগ প্রদান নকৰা বুলি অঞ্চলবাসীয়ে ক্ষোভ প্রকাশ কৰে৷ ফলত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে লাখটকীয়াৰ এছ এছ ৰোডৰ টিপটপ গলিৰ বাসিন্দাসকলে হাহাকাৰ কৰিবলগীয়া হৈছে৷ আনহাতে, সদাব্যস্ত অঞ্চলটোৰ ষ্ট্রীট লাইটৰ সমস্যা আজিও সমাধান নহ’ল৷

দীর্ঘদিন ধৰি অঞ্চলটোৰ ষ্ট্রীট লাইট বিকল হৈ থকাৰ বাবে নিশাৰ ভাগত একাংশ উদণ্ড যুৱকে মুকলিকৈ সুৰা সেৱন কৰি অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰা বুলি স্থানীয় বাসিন্দা নেকিব ইমান শইকীয়াই জানিবলৈ দিছে৷ তদুপৰি নিশাৰ আন্ধাৰৰ সুযোগ লৈ দুষ্টচক্রই অঞ্চলটোত অসামাজিক কার্যত লিপ্ত হয়৷ একেদৰে বাট–পথৰ দুৰৱস্থাৰ বাবে অঞ্চলবাসীয়ে যাতায়াতৰ ক্ষেত্রত দুর্ভোগ ভুগি আহিছে৷ বিশেষকৈ এ এছ ৰোডৰ ব্রহ্ম কমপ্লেক্সৰ পৰা লাখটকীয়ালৈ বিগত প্রায় ২০ বছৰ ধৰি ‘ৱানৱে’ ঘোষণা কৰি যান–বাহন আৰক্ষীয়ে ‘ন’ এণ্ড্রী’ৰ ফলক আঁৰি থৈছে৷ তদুপৰি মূল পথৰ দুয়োকাষে যান–বাহন পার্কিং কৰি থোৱাৰ বাবে পথছোৱাত সঘনাই ব্যাপক যান–জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷

সদাব্যস্ত পথছোৱাৰ দুয়োকাষে থকা অপৰিকল্পিত নলা–নর্দমাসমূহ দীর্ঘদিন ধৰি নিষ্কাশন নকৰাত এজাক বৰষুণতে বাৰিষাত অঞ্চলটোত কৃত্রিম বানৰ সৃষ্টি হৈ ব্যৱসায়ত ব্যাঘাত জন্মোৱা বুলি একাংশ ব্যৱসায়ীয়ে ক্ষোভ প্রকাশ কৰে৷ একেদৰে ৰাজহুৱা শৌচ–প্রস্রাৱাগাৰ নথকাৰ বাবে বিভিন্ন প্রান্তৰ পৰা লাখটকীয়ালৈ যোৱা লোকসকল বিশেষ সমস্যাৰ সন্মুখীন হয়৷ সেয়েহে সমাগত নির্বাচনৰ পূর্বে লাখটকীয়াকে ধৰি ১০নং বার্ডৰ সমস্যাসমূহ সমাধান কৰিবলৈ স্থানীয় বাসিন্দাসকলে জনপ্রতিনিধিৰ লগতে জিএমচি কর্তৃপক্ষক আহ্বান জনাইছে৷

You might also like