উগ্রতাৰা মন্দিৰৰ পুখুৰীত ১০০ বছৰীয়া কাছৰ মৃত্যুঃ সংকটাপন্ন ১৫ প্রজাতিৰ কাছ
নিয়মীয়া বাৰ্তা, ২৯ এপ্রিলঃ মহামাৰী ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা আতংকময় পৰিৱেশৰ মাজতে মহানগৰীৰ উজানবজাৰস্থিত ঐতিহ্যমণ্ডিত ধর্মীয় পীঠস্থান উগ্রতাৰা দেৱালয়ৰ যোৰপুখুৰীত খাদ্যৰ অভাৱত ১০০ বছৰীয়া এটা কাছৰ মৃত্যু হোৱাৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে ৷ লকডাউনৰ সময়ত প্রয়োজন হোৱা পৰিচর্যাৰ অভাৱত এই কাছটোৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে ৷ উল্লেখ্য যে এই কাছটো আছিল যোৰপুখুৰীৰ অন্যতম আকর্ষণৰ কেন্দ্র ৷ উগ্রতাৰা দেৱালয়ৰ বৰদেউৰী কৈলাস শর্মাই জনোৱা মতে, মঙলবাৰে পুৱা পানীত উপঙি থকা অৱস্থাত কাছটো মন্দিৰৰ পূজাৰীয়ে প্রত্যক্ষ কৰে ৷ পূজাৰীজনে লগে লগে মন্দিৰৰ দলৈ পৰমেশ্বৰ শর্মাক খবৰ দিয়ে ৷ পৰমেশ্বৰ শর্মাই মন্দিৰত উপস্থিত হৈ মৃত কাছটো পানীৰ পৰা উঠোৱাৰ ব্যৱস্থা কৰে আৰু এই বিষয়ে জিলা প্রশাসন আৰু স্বেচ্ছাসেৱী সংগঠন ‘হেল্প আর্থ’ক খবৰ দিয়ে ৷ হেল্প আর্থৰ কর্মকর্তা ডাঃ জয়াদিত্য পুৰকায়স্থই ১০০ বছৰতকৈ অধিক বয়সীয়া কাছটো পর্যাপ্ত পৰিচর্যাৰ অভাৱত মৃত্যু হোৱা বুলি সম্ভাৱনা ব্যক্ত কৰে ৷
কৈলাস শর্মাই জনোৱা মতে, কণী পাৰিবৰ সময়ত পানীৰ পৰা পাৰলৈ উঠি আহিব নোৱাৰিলে কাছৰ মৃত্যু ঘটে৷ তদুপৰি বয়স বেছি হ’লে আৰু ইটো কাছৰ লগত সিটো কাছৰ কাজিয়াৰ ফলত কাছৰ মৃত্যু হয় বুলি ডাঃ জয়াদিত্য পুৰকায়স্থই জনাইছে ৷ লগতে কাছটোৰ বয়স তথা পৰিচর্যাৰ অভাৱত মৃত্যু হোৱা ব্যক্ত কৰা হৈছে৷ বৰদেউৰী শর্মাই লগতে জনোৱা মতে, ১৬৫০ খ্রীষ্টাব্দত বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে যোৰপুখুৰী খন্দোৱৰ পাছতে পুখুৰীত কাছ এৰি দিয়া হৈছিল৷ ভাৰতৰ ২৭টা প্রজাতিৰ কাছৰ ভিতৰত যোৰপুখুৰীত বর্তমান ১৫টা প্রজাতিৰ কাছ আছে ৷ ব’হাগ, জেঠ মাহত কাছই কণী পাৰে৷ হেল্প আর্থে কণী লৈ যায় আৰু ৰাজ্যিক চিৰিয়াখানাত পোৱালি জগায় আৰু পাছত বিভিন্ন প্রান্তত থকা পুখুৰী, জলাশয় আদিত এৰি দিয়ে৷ যোৱাবছৰত হেল্প আর্থে যোৰপুখুৰীৰ পৰা ৪৫টা কণী লৈ যায় আৰু চিৰিয়াখানাত ৩৫টা পোৱালি জগাই পবিতৰাত এৰি দিয়ে ৷ কিন্তু লকডাউনৰ বাবে সকলো ঘৰৰ ভিতৰত আবদ্ধ হৈ থকা বাবে এইবাৰ যোৰপুখুৰীৰ পৰা কাছৰ কণী নিব নোৱাৰিলে ৷
তদুপৰি লকডাউনৰ সময়ত যোৱা এমাহ ধৰি ভক্ত–দর্শনার্থীৰ বাবে উগ্রতাৰা দেৱালয় বন্ধ হৈ থকাত ভক্ত–দর্শনার্থীৰ লগতে দেৱালয়ৰ পূজাৰী আৰু ইয়াৰ কর্মকর্তাসকলে নিজ নিজ ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছে৷ প্রায় ২০জন পূজাৰী আৰু কর্মচাৰী থকা উগ্রতাৰা দেৱালয়ত বর্তমান এজন পূজাৰী, এজন সহায়কাৰী, এজন ৰান্ধনি, এজন গৃহৰক্ষী আৰু এজন আঠপুৰীয়া আছে৷ ভক্ত–দর্শনার্থী মন্দিৰলৈ নহাৰ ফলত দান–বৰঙণিও সম্পূর্ণৰূপে বন্ধ হৈ আছে৷ আনকি মন্দিৰ কর্তৃপক্ষৰ ৰেচনপাতি ক্রমাৎ টুটি আহিছে৷ ফলত ভাতকে ধৰি অন্য খাদ্যসামগ্রী যোৰপুখুৰীৰ মাছ, কাছ আৰু ৰাজহাঁহ আদিক মন্দিৰ কর্তৃপক্ষই প্রয়োজন অনুসৰি দিব পৰা নাই৷ এনে পৰিস্থিতিত খাদ্যৰ যোগান ধৰিবলৈ কৈলাস শর্মাই বন বিভাগক আহ্বান জনায়৷ ইফালে প্রয়োজনীয় পৰিচর্যাৰ অভাৱত তথা বার্ধক্যজনিত কাৰণত মৃত্যু হোৱা প্রায় ১৫ কিলোগ্রাম ওজনৰ কাছতো মন্দিৰৰ চৌহদত পুতি থোৱা হয়৷ বন বিভাগে শীঘ্রে খাদ্যসামগ্রী যোগান নধৰিলে দেৱালয়ৰ পুখুৰীত থকা জীৱকুল খাদ্যসংকটত পৰাটো নিশ্চিত হৈ পৰিছে৷