নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯ মার্চত মনোনয়ন দাখিল কৰিব কংগ্রেছ প্রার্থী অসীমা বৰদলৈয়ে

নিয়মীয়া বাৰ্তা ১৮মাৰ্চঃ ৫৩নং পূব গুৱাহাটী সমষ্টিৰ কংগ্রেছ প্রার্থী অসীমা বৰদলৈয়ে মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান, কৃত্রিম বান সমস্যাক মূল ইছ্যু হিচাপে লৈ নির্বাচনী প্রচাৰ চলাব৷ ইয়াৰ উপৰি নিবনুৱা সমস্যা সমাধান, ‘কা’ৰ বিৰোধিতা, পাহাৰত বসবাস কৰা লোকসকলক ভূমি পট্টা প্রদানকে ধৰি বিভিন্ন সমস্যাক নির্বাচনী ইছ্যু হিচাপে লৈ সমষ্টিবাসীৰ কাষ চাপিব৷ কংগ্রেছ মহাজোঁটৰ পূব গুৱাহাটী সমষ্টিৰ প্রার্থী অসীমা বৰদলৈয়ে মূলতঃ কৃত্রিম বান আৰু বিশুদ্ধ খোৱাপানী যোগানকে ধৰি মহানগৰবাসীয়ে সন্মুখীন হৈ অহা জ্বলন্ত সমস্যাসমূহ সমাধানৰ বাবে বলিষ্ঠ পদক্ষেপ গ্রহণ কৰিব বুলি ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিয়ে প্রার্থীগৰাকীয়ে৷ ১৯ মার্চত পূব গুৱাহাটী সমষ্টিৰ প্রার্থী অসীমা বৰদলৈয়ে মনোনয়ন–পত্র দাখিল কৰিব৷ কালি নিশা কংগ্রেছ মহাজোঁটৰ প্রার্থীৰ তালিকা ঘোষণা কৰাৰ পাছতে পূব গুৱাহাটী সমষ্টিৰ প্রার্থী অসীমা বৰদলৈক নিজা বাসভৱনত সমষ্টিবাসীয়ে সম্বর্ধনা জ্ঞাপন কৰে৷ আজি পুৱাৰে পৰা সমর্থক আৰু বহু গুণমুগ্ধই প্রার্থীগৰাকীক সম্বর্ধনা আৰু শুভেচ্ছা জ্ঞাপন কৰে৷

You might also like