কর্তব্যৰত আৰক্ষীক বিজেপি পালিনেতাৰ দুর্ব্যৱহাৰঃ দুই অভিযুক্তক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা, ২২ আগষ্ট: কর্তব্যৰত আৰক্ষী বিষয়াক দুর্ব্যৱহাৰ কৰি আৰক্ষীৰ জালত পৰিল বিজেপিৰ দুই পালিনেতা৷ মহানগৰীৰ নুনমাটি থানাৰ সমীপতে শনিবাৰে দিনৰ ভাগত সংঘটিত হোৱা এই ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নুনমাটি থানাৰ সন্মুখত বিগত দিনবোৰৰ দৰে আজিও নাকা চকী বহুৱাই যান–বাহন শাখাৰ আৰক্ষীৰ দলে যান–বাহনৰ ওপৰত তালাচী চলাই আছিল৷ নুনমাটি থানাৰ যান–বাহন আৰক্ষীৰ এ এছ অ’ই ৰাহুল উল্লাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কালি দিনৰ প্রায় ১১.৩০ বজাত ক’ভিড প্রট’কল উলংঘা কৰি যান–বাহন চলোৱা লোকক জৰিমনা বিহি আছিল৷
তেনে সময়তে নুনমাটি বন্দনা চিনেমা হলৰ পৰা নুনমাটি নেপালী চকৰ অভিমুখে দুজনীয়া আৰোহীৰ সৈতে গৈ থকা এ এছ–০১ ই কে–৬৮৭৯ নম্বৰৰ এখন স্কুটী দেখি যান–বাহন আৰক্ষীয়ে ৰ’বলৈ কয়৷ কিন্তু স্কুটী আৰোহী দুজনে আৰক্ষীৰ সেই নির্দেশ মানি ল’বলৈ অমান্তি হোৱাত তেওঁলোকক বলপূর্বকভাৱে ৰখাবলৈ বাধ্য হয়৷ যান–বাহন বিষয়া ৰাহুল উল্লাহে ক’ভিড পৰিস্থিতিৰ বাবে স্কুটীত দুজন উঠা মানা আছে বুলি কৈ তেওঁলোকক জৰিমনা দিবলৈ কয়৷কিন্তু লোক দুজনে জৰিমনা দিবলৈ অমান্তি হৈ সেই স্থানৰ পৰা পলায়নৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে পুনৰ বাধা প্রদান কৰে৷ জৰিমনা দিবলৈ অস্বীকাৰ কৰা যুৱক দুজনে নিজকে বিজেপিৰ নেতা বুলি পৰিচয় দি যান–বাহন আৰক্ষীৰ সৈতে তর্কযুদ্ধত লিপ্ত হয়৷
পৰিস্থিতি এনে পর্যায় পায় যে আৰক্ষী বিষয়া ৰাহুল উল্লাহৰ ইউনিফর্মত খামুচি ধৰি প্রহাৰ কৰিবলৈ উদ্যত হয় যুৱক দুজনে৷ এনে পৰিস্থিতিত একাংশ সতীর্থ আৰক্ষীয়ে এ এছ অ’ই ৰাহুল উল্লাহক যুৱক দুজনৰ কবলৰ পৰা মোকোলাই আনিবলৈ সক্ষম হয়৷ পাছত নুনমাটি আৰক্ষীয়ে উদণ্ড যুৱক দুজনক গ্রেপ্তাৰ কৰি থানালৈ আনে৷
আৰক্ষীয়ে আটক কৰা যুৱক দুজন হৈছে নুনমাটিৰ এছ দাস পথৰ বাসিন্দা মিণ্টু বর্মন আৰু শালবাৰীৰ বাসিন্দা শ্রীমন্ত বর্মন৷ ইফালে, ঘটনা সন্দর্ভত নুনমাটি থানাৰ যান–বাহন আৰক্ষী বিষয়া ৰাহুল উল্লাহে নুনমাটি থানাত এখন এজাহাৰ দাখিল কৰিছে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৫৫০/২১ নম্বৰত ১৮৮/২৬৯/৩৫৩/৩৪ ধাৰাৰ অধীনত এটা গোচৰ ৰজু কৰিছে৷