নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ নৱেম্বৰত মুকলি হ’ব ছুপাৰ মার্কেটৰ উৰণীয়া সেতু

নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ মহানগৰবাসীৰ বাবে এটা সুখবৰ৷ অহা ৪ নৱেম্বৰত মুকলি হ’ব ছুপাৰ মার্কেটৰ নির্মীয়মাণ উৰণীয়া সেতু৷ দীপাৱলীৰ দিনাই উৰণীয়া সেতুখন মুকলি কৰি ৰাইজৰ বাবে উৎসর্গা কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সম্পূর্ণ হৈছে উৰণীয়া সেতুৰ ৯৫ শতাংশ নির্মাণৰ কাম৷ দেৱালত অংকন কৰা হৈছে আটকধুনীয়া বহু ছবি৷ উত্তৰ–পূবৰ কৃষ্টি–সংস্কৃতিৰ উপৰি উৰণীয়া সেতুৰ দেৱালৰ দুয়োকাষে অংকন কৰা হৈছে জীৱ–জন্তুৰ ছবিও৷ একেদৰে আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন বাঁহীবাদক প্রয়াত প্রভাত শর্মাৰ ছবি অংকন কৰা হৈছে দেৱালত৷ মুঠতে উৰণীয়া সেতুৰ ওপৰেৰে অহা–যোৱা কৰা লোকসকলৰ লগতে পর্যটকক আকর্ষিত কৰিবলৈ অংকন কৰা হৈছে এই ছবিসমূহ৷

উল্লেখ্য যে ২০২০ চনৰ ১৭ ফেব্রুৱাৰীত এই সেতুখনৰ প্রথম পাইলিঙৰ কাম আৰম্ভ হৈছিল৷ ইয়াৰ পিছতে ৰাজ্য চৰকাৰৰ তৎপৰতাত ছুপাৰ মার্কেটত লোকনির্মাণ বিভাগৰ উদ্যোগত চলিছে নির্মাণকার্য৷ প্রায় ডেৰ কিলোমিটাৰ দৈর্ঘ্যৰ এই উৰণীয়া সেতুখনত ব্যৱহাৰ কৰা হৈছে অত্যাধুনিক তথ্যপ্রযুক্তি৷ বিদেশৰ অত্যাধুনিক তথ্যপ্রযুক্তিৰ লেখিয়াকৈ এই উৰণীয়া সেতুখনত ব্যৱহাৰ কৰা হৈছে হাইলিংক পাইপ, হাইলিংক কেং, কংক্রিট পাম্পকে ধৰি অতি উন্নতমানৰ প্রযুক্তি৷ ১২৭ কোটি টকা বাজেটেৰে নির্মাণ কৰা হৈছে এই উৰণীয়া সেতুখন৷

মন কৰিবলগীয়া যে ৰাজ্য চৰকাৰে ৩৬ মাহৰ ভিতৰত এই উৰণীয়া সেতুখনৰ কাম সম্পূর্ণ কৰিবলৈ ঠিকাদাৰ অনিল দাসক নির্দেশ দিছিল৷ কিন্তু লোকনির্মাণ বিভাগৰ সহযোগিতাত ১৮ মাহৰ ভিতৰতে প্রায় সম্পূর্ণ হোৱাৰ পথত এইখন উৰণীয়া সেতু৷ উল্লেখ্য যে ছুপাৰ মার্কেটৰ এই উৰণীয়া সেতুখন মুকলি হ’লেই গণেশগুৰি, দিছপুৰত সৃষ্টি হোৱা যান–জঁট বহু পৰিমাণে হ্রাস পাব বুলি ধাৰণা কৰা হৈছে৷ কাৰণ এই উৰণীয়া সেতুখনে সংলগ্ণ কৰিব দিছপুৰৰ পৰা ছয়মাইল, ছয়মাইলৰ দিশৰ পৰা মিনিষ্টাৰ কলনী, ছয়মাইলৰ পৰা গণেশগুৰি দিশ৷

You might also like