নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্নেহা বন্ধনত ৫ গৰাকী নতুন সদস্যক আদৰণি

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ  শেহতীয়াকৈ ছিকিমৰ পৰা অসম আৰক্ষীয়ে উদ্ধাৰ কৰা চিৰাং জিলাৰ ৫ টি শিশুৰ যত্ন ল’বলৈ আগবাঢ়ি আহিছে স্বেচ্ছাসেবী সংগঠন স্নেহাবন্ধন। এই শিশুসকলক ছিকিমলৈ সৰবৰাহ কৰা হৈছিল আৰু বিভিন্ন পৰিয়ালত ঘৰৰ দাসী হিচাপে কাম কৰিবলৈ বাধ্য কৰা হৈছিল।

অসম আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পাছত এই শিশুসকলক চিৰাঙৰ শিশু কল্যাণ সমিতিক গতাই দিয়া হৈছিল। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চিৰাং জিলা ভ্ৰমণ কৰি উদ্ধাৰ হোৱা শিশুসকলক সাক্ষাৎ কৰিছিল আৰু তেওঁ গুৱাহাটীৰ বেলতলাস্থিত স্নেহা বন্ধনত ইয়াৰে ১০ টা শিশুৰ দায়িত্ব গ্ৰহণৰ কথা ঘোষণা কৰিছিল।

চিৰাঙৰ শিশু কল্যাণ সমিতিয়ে ১০ টা শিশুক স্নেহা বন্ধনত ৰখাৰ নিৰ্দেশ পাইছিল আৰু উদ্ধাৰ কৰা ৫ গৰাকী শিশুক ৪ আগষ্ট, বুধবাৰে ৰাজ্যিক শিশু সুৰক্ষা সমিতি (SCPS) আৰু চিৰাঙৰ শিশু কল্যাণ সমিতিয়ে স্নেহা বন্ধনক হস্তান্তৰ কৰে।

‘প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাই এই শিশুকেইটাৰ সৈতে মতবিনিময় কৰি তেওঁলোকক নতুন ঘৰলৈ আদৰণি জনাইছিল। লগতে তেওঁ স্নেহা বন্ধনত থকা বৰ্তমানৰ শিশুসকলৰ সৈতে নতুন শিশুসকলক পৰিচয় কৰাই দিছিল।

উল্লেখ্য যে কিছুদিন পূৰ্বে অসম আৰক্ষীয়ে ছিকিমত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা ৪০ টা শিশু আৰু দুজন প্ৰাপ্তবয়স্কক উদ্ধাৰ কৰিছিল। উদ্ধাৰ কৰা শিশুসকলৰ বেছিভাগেই আছিল অসমৰ বিটিআৰৰ বাসিন্দা।

You might also like