নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত ৭ শতাধিক অবৈধ সুৰাৰ বিপণী

ইষ্টার্ন বণ্ডৰ পৰা চোৰাং সুৰা যোগানৰ অভিযোগ

নিয়মীয়া বাৰ্তা ৮ নৱেম্বৰঃ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো বছৰৰ পিছত বছৰ ধৰি চোৰাং সুৰাৰ ৰমৰমীয়া বেহা চলাই আছে ৰাজনৈতিক আশিসপুষ্ট এটা প্রভাৱশালী অসাধু চক্রই৷ আবকাৰী বিভাগৰ একাংশ অসাধু বিষয়াৰ ছত্রছায়াত এই চক্রটোৱে কৰফাঁকিৰে প্রতিদিনে গুৱাহাটীৰ বিভিন্ন স্থানত লাখ লাখ টকাৰ অবৈধ সুৰা বিক্রী কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি, গুৱাহাটী মহানগৰীত ৭ শতাধিক অবৈধ সুৰাৰ বিপণী আছে৷ চৰকাৰী তথ্য অনুসৰি, কামৰূপ সদৰ আবকাৰী বিভাগৰ অধীনত সর্বমুঠ ৫৪০খন বৈধ সুৰাৰ বিপণী আছে৷ ইয়াৰ ভিতৰত ৩১৫খন সুৰাৰ বিপণী আৰু ২২৫খন বাৰ৷ আবকাৰী বিভাগৰ শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি, কালীপূজা আৰু দীপাৱলীৰ দিন দুটাত গুৱাহাটী মহানগৰীত অভিলেখসংখ্যক ৫ কোটিৰো অধিক টকাৰ সুৰা বিক্রী হৈছিল৷ এয়া বৈধভাৱে বিক্রী হোৱা সুৰাৰ বিভাগীয় হিচাপ৷

কিন্তু ইয়াৰ বিপৰীতে মহানগৰীত বিভিন্ন স্থানত থকা সাত শতাধিক অবৈধ সুৰাৰ বিপণীত কৰফাঁকিৰে প্রতিদিনে কিমান টকাৰ সুৰা বিক্রী হয়, সেয়া সহজেই অনুমেয়৷ আবকাৰী বিভাগৰ অসাধু বিষয়াৰ ছত্রছায়াত মহানগৰীত চলি থকা এই অবৈধ সুৰাৰ বিপণীসমূহত মহানগৰীৰ এটা বিশেষ বণ্ডৰ পৰা সুৰা যোগান ধৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি, গুৱাহাটীস্থিত মেছার্ছ ইষ্টার্ন এণ্টাৰপ্রাইজ বণ্ডেড ৱেৰহাউছৰ স্বত্বাধিকাৰীয়ে মহানগৰীৰ সাত শতাধিক অবৈধ সুৰাৰ বিপণীত কৰফাঁকিৰে চোৰাং সুৰা যোগান ধৰি আছে৷ কেৱল সেয়াই নহয়, ইণ্টাৰ বণ্ডৰ স্বত্বাধিকাৰীয়ে আবকাৰী বিষয়া আৰু প্রশাসনক মেনেজ কৰি নামে–বেনামে কুৰিখনৰো অধিক সুৰাৰ বিপণী আৰু বাৰ খুলি ব্যৱসায় চলাই আহিছে৷ ইষ্টার্ন বণ্ডৰ স্বত্বাধিকাৰীৰ বিশ্বাসযোগ্য কর্মচাৰী প্রদীপ বর্মনে বিভিন্ন পক্ষক মেনেজ কৰি নামে–বেনামে সুৰাৰ বিপণী আৰু বাৰৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উঠিছে৷

তদুপৰি প্রদীপ বর্মনে উজানবজাৰৰ অবৈধ সুৰা ব্যৱসায়ী ৰামনাথ, বেলৰ লগতে কাহিলিপাৰা, লখৰা, সাতগাঁও, পাঞ্জাবাৰী, ভঙাগড়, লালমাটি, গড়চুক, বৰাগাঁৱকে ধৰি মহানগৰীৰ বিভিন্ন স্থানৰ অবৈধ সুৰা বেপাৰীক ইষ্টার্ন বণ্ডত কৰফাঁকিৰে প্রস্তুত কৰা সুৰা বিক্রী কৰি অহাৰো অভিযোগ আছে৷ কামৰূপ সদৰ আবকাৰী বিভাগৰ অসাধু বিষয়াৰ ছত্রছায়াত চলি থকা অবৈধ সুৰাৰ বেহা বন্ধ কৰাৰ বাবে বিভাগীয় মন্ত্রী পৰিমল শুক্লবৈদ্য আৰু আয়ুক্ত সচিবে কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like