নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পংকজ–দীপজ্যোতিক ৰক্ষণাবেক্ষণ আৰক্ষীৰ

ম্যানমাৰৰ পৰা গুৱাহাটীলৈ মাৰাত্মক গডজিলাৰ চোৰাং সৰবৰাহ

নিয়মীয়া বাৰ্তা ৮ নৱেম্বৰঃ ম্যানমাৰৰ পৰা মণিপুৰ–মিজোৰাম–নাগালেণ্ডৰ মাজেৰে গুৱাহাটীলৈ ড্রাগ্ছৰ লগতে মাৰাত্মক মহ খেদা ধূপ গডজিলাৰ চোৰাং সৰবৰাহ অব্যাহত আছে৷ ম্যানমাৰত প্রস্তুত কৰা গডজিলা নামৰ মহ খেদা ধূপ গুৱাহাটীৰ বজাৰত এতিয়া সহজলভ্য হৈ পৰিছে৷ এটা প্রভাৱশালী চক্রই মহানগৰ আৰক্ষীক মেনেজ কৰি গুৱাহাটীৰ বজাৰত মেলি দিছে জনস্বাস্থ্যৰ প্রতি ভাবুকি সৃষ্টি কৰা গডজিলা৷ ইণ্ডিয়ান ইনছেক্টিছাইট এক্ট ১৯৬৮ অনুসৰি, গডজিলাক ভাৰতত নিষিদ্ধ কৰা হৈছে৷ মহ খেদা ধূপ গডজিলা বিষাক্ত আৰু প্রদূষণকাৰী ৰাসায়নিক দ্রব্যৰে প্রস্তুত কৰা৷ গডজিলাত থকা ৰাসায়নিক দ্রব্য ভাৰতত নিষিদ্ধ৷ মহ খেদিবলৈ গডজিলাক ব্যৱহাৰ কৰা লোকসকল হাঁওফাঁওৰ কেঞ্চাৰ ৰোগত আক্রান্ত হয় বুলি বিশেষজ্ঞই তথ্য প্রকাশ কৰিছে৷ নাম প্রকাশত অনিচ্ছুক এগৰাকী চিকিৎসকে জানিবলৈ দিয়া মতে, গডজিলাৰ দৰে মহ খেদা ধূপ জ্বলালে এদিনতে ৭৫ৰ পৰা ১৩৭টা চিগাৰেট সেৱন কৰাৰ দৰে হয়৷ ভাৰতত নিষিদ্ধ মহ খেদা ধূপ গডজিলাৰ বিক্রী সন্দর্ভত গুৱাহাটী মহানগৰীত ছয়টাকৈ গোচৰ ৰজু হৈ আছে৷ কিন্তু মহানগৰ আৰক্ষী–প্রশাসনে গডজিলা বিক্রী কৰা লোকৰ বিৰদ্ধে আজিও কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই৷ শেহতীয়াকৈ মহানগৰ আৰক্ষীৰ একাংশ অসাধু বিষয়াক মেনেজ কৰি বেলতলাৰ পংকজ চক্রৱর্তী আৰু দীপজ্যোতি নাথে ম্যানমাৰৰ পৰা গুৱাহাটীলৈ গডজিলাৰ চোৰাং সৰবৰাহ অব্যাহত ৰাখিছে৷ বেলতলা কলেজৰ সমীপত পংকজ আৰু দীপজ্যোতিয়ে গুদাম ভাৰালৈ লৈ গডজিলাৰ চোৰাং ব্যৱসায় অব্যাহত ৰাখিছে৷ উল্লেখ্য যে শুল্ক বিভাগ আৰু ডাইৰেক্টটৰেট অৱ ৰেভিনিউ ইণ্টেলিজেঞ্চ চমুকৈ ডি আৰ আয়ে ম্যানমাৰৰ পৰা চোৰাংকৈ সৰবৰাহ হোৱা গডজিলাৰ বিৰদ্ধে মণিপুৰ আৰু নাগালেণ্ডত অভিযান চলাই বৃহৎ পৰিমাণৰ গডজিলা জব্দ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু প্রভাৱশালী চক্রটোৱে গুৱাহাটীত গডজিলাৰ ব্যৱসায় চলাই থকাৰ পিছতো শুল্ক বিভাগ, ডি আৰ আই, মহানগৰ আৰক্ষীয়ে চোৰাং ব্যৱসায়ীসকলৰ বিৰদ্ধে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে৷ ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰাক লৈ সর্বত্র চর্চা চলিছে৷

You might also like