বণিক গোষ্ঠীৰ বিৰুদ্ধে আমগাঁৱত উত্তেজিত ৰাইজৰ প্রতিবাদ
নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ পানীখাইতীৰ আমগাঁৱত ব’ৰিং কৰা কার্যক লৈ বুধবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ক্ষুব্ধ ৰাইজে আনকি অট্টালিকাৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে ক্ষোভ উজৰাৰ উপৰি স্থানীয় পঞ্চায়ত সভাপতি সোণেশ্বৰ কলিতাক ঘেৰাও কৰি প্রতিবাদ সাব্যস্ত কৰে৷ প্রাপ্ত তথ্য অনুসৰি নুনমাটিস্থিত ছানী ষ্টীল ব্যৱসায়িক প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰী নবীন জয়ছোৱাল নামৰ লোকজনে আমগাঁৱত নির্মাণ কৰা বৃহৎ অট্টালিকাৰ চৌহদত কালিৰে পৰা সংগোপনে উচ্চ ক্ষমতাসম্পন্ন ব’ৰিং স্থাপনৰ কাম আৰম্ভ কৰিছে৷ কালিৰ পৰা এই কার্য আৰম্ভ কৰা মাত্রকে অঞ্চলটোৰ প্রায়কেইটা কুঁৱাৰ পানী তীব্রগতিত শুকাবলৈ লয়৷
পৰৱর্তী সময়ত পানীৰ ভয়ংকৰ সমস্যা হোৱাৰ আশংকা কৰি স্থানীয় ৰাইজ ওলাই আহি এই ব’ৰিং বন্ধ কৰিবলৈ দাবী জনায়৷ কিন্তু অট্টালিকাৰ স্বত্বাধিকাৰীগৰাকীয়ে পঞ্চায়ত সভাপতিৰ পৰা অনুমতি লৈ ব’ৰিং কৰা বুলি উল্লেখ কৰে৷ এই ব’ৰিঙে স্থানীয় ৰাইজ পানীৰ সমস্যাত ভুগিব লগা হ’ব বুলি কোৱাৰ পিছতো স্বত্বাধিকাৰগৰাকীয়ে অমান্তি হোৱাত ক্ষুব্ধ হৈ পৰে ৰাইজ৷ লগে লগে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নির্দিষ্ট স্থানত৷ তেনে সময়তে পঞ্চায়ত সভাপতি সোণেশ্বৰ কলিতা উপস্থিত হোৱাত উত্তেজিত ৰাইজে তেওঁকো ঘেৰাও কৰি জবাবদিহি কৰে৷ ৰাইজৰ অভিযোগ– সভাপতি সোণেশ্বৰ কলিতাই অঞ্চলবাসীৰ দুর্দশাৰ কথা চিন্তা নকৰি গোপন বুজাবুজিৰ ভিত্তিত অবৈধভাৱে ব’ৰিঙৰ অনুমতি দিছে৷ আনকি বিভাগীয় অনুমতি নোলোৱা বুলিও অভিযোগ কৰিছে ৰাইজে৷ পিছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে যদিও এই ব’ৰিং বন্ধ নকৰিলে তীব্র আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে ৰাইজে৷