নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘তৰুণ গগৈৰ চিন্তাত আছিল গণতান্ত্রিক চেতনাৰ প্রতিফলন’

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ ৰাজনৈতিক মতবিৰোধ আছিল প্রবল৷ শাসনত থকা সময়ছোৱাত প্রায়ে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ সন্মুখীন হৈছিল সদৌ অসম ছাত্র সন্থাৰ বিৰোধৰ৷ কিন্তু  বিদায়ৰ মুহূর্তত সংগঠনটোৱে অকপটে স্বীকাৰ কৰিলে প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ জাতিটোৰ প্রতি, ৰাজ্যখনৰ প্রতি থকা দায়বদ্ধতাৰ কথা৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত প্রয়াত ৰাজনীতিকগৰাকীৰ নশ্বৰ দেহত অন্তিম শ্রদ্ধা নিবেদন কৰি সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে কয়– ‘এগৰাকী বিচক্ষণ ৰাজনীতিক হোৱাৰ উপৰি মানৱতাৰ ক্ষেত্রত দেখুওৱা নিদর্শনৰ বাবে জাতিয়ে সদায় তেওঁক মনত ৰাখিব৷ অশান্তজর্জৰ অসমলৈ তেওঁ শান্তিৰ বাতাৱৰণ ঘূৰাই আনিবলৈ যি প্রচেষ্টা হাত লৈছিল, তাৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব৷ খুব কম সময়ৰ ভিতৰতে গুপ্তহত্যা বন্ধ কৰি ৰাজ্যখনত বিৰাজ কৰা জয়াল পৰিৱেশৰ অন্ত পেলাইছিল৷’

আনহাতে, অসম চুক্তি ৰূপায়ণ সন্দর্ভত প্রধানমন্ত্রী স্তৰৰ বৈঠক অনুষ্ঠিত কৰিবলৈ লোৱা উদ্যোগৰ কথা সুঁৱৰি আছু সভাপতিগৰাকীয়ে প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰে৷ ইফালে, আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে তেওঁৰ মৃত্যুৰ লগে লগে এটা ৰাজনৈতিক ধাৰাৰ অৱসান ঘটিল৷ বিচক্ষণ, মানৱদৰদী আৰু গণতন্ত্রৰ প্রতি দায়বদ্ধ ৰাজনীতিক হিচাপে প্রয়াত মুখ্যমন্ত্রীগৰাকী স্মৰণীয় হৈ ৰ’ব৷ ৰাষ্ট্রীয় দলৰ নেতা হৈও তেওঁ আছিল জাতীয়তাবাদী ধাৰাৰে, জাতীয় সমস্যা সমাধানৰ বাবে প্রচেষ্টা চলোৱা এগৰাকী জাতীয়তাবাদী নেতা৷ গুপ্তহত্যাৰ বিভীষিকাময় পৰিৱেশ, ভগ্ণপ্রায় অর্থনীতিৰ মাজৰ পৰা ৰাজ্যখনক পুনৰুজ্জীৱিত কৰাৰ প্রয়াস চলাইছিল৷ গুপ্তহত্যা ৰোধ কৰাত তেওঁ সফল হ’ল আৰু ৰাজ্যখনক উন্নয়নৰ এটা নতুন ধাৰা দিলে৷ নতুন নতুন বিশ্ববিদ্যালয় স্থাপন কৰিলে, মহিলা বিশ্ববিদ্যালয়ৰ দৰে যুগান্তকাৰী পদক্ষেপ ল’লে৷ ক্রীড়াৰ আন্তঃগাঁথনি গঢ়িলে৷

আনকি আছু, কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত আলোচনা অনুষ্ঠিত কৰাৰো তেওঁ আছিল মূল উদ্যোক্তা৷ অসম চুক্তিৰ লগত জড়িত বিষয়সমূহ সমাধানৰ চেষ্টা কৰাৰ উপৰি সশস্ত্র সংগ্রাম আলোচনাৰ মাজেৰে নিষ্পত্তিৰ প্রয়াস কৰিছিল৷ অসমৰ জনসাধাৰণে তেওঁক সদায় মনত ৰাখিব৷ সংগঠনটোৰে নৱনির্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱায়ো প্রয়াত মুখ্যমন্ত্রীগৰাকীৰ গণতান্ত্রিক চেতনাৰ কথা উল্লেখ কৰে৷

ইপিনে, আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই কয় যে প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈয়ে তেওঁৰ দীঘলীয়া ৰাজনৈতিক যাত্রাত গণতান্ত্রিক চিন্তাৰে অসমৰ সমস্যাৰ স্থায়ী সমাধানৰ ওপৰত গুৰুত্ব দিছিল৷ উন্নয়নৰ বাবে ন ন চিন্তা কৰি সেইবোৰ কার্যকৰী কৰিবলৈ ব্যৱস্থা হাতত লৈছিল৷ ক্ষমতালৈ আহিয়ে গুপ্তহত্যাৰ অৱসান ঘটাবলৈ পদক্ষেপ গ্রহণ কৰিছিল৷ জ্বলন্ত বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ বাবে ইচ্ছা প্রকাশ কৰাৰ লগতে আছুৰ লগত একেলগে ভাৰত–বাংলাদেশ সীমান্ত চাবলৈ গৈছিল৷ আনকি ২০০৫ চনত হোৱা এছিয়ান কাৰ ৰেলীত তেতিয়াৰ প্রধানমন্ত্রী মনমোহন সিঙক আছুৱে বাধা দিয়াৰ কথা ঘোষণা কৰিছিল৷ সেই সময়ত এটা পৰিৱেশ সৃষ্টি হৈছিল৷ কিন্তু মুখ্যমন্ত্রী তৰুণ গগৈয়ে সংঘাত এৰি আছুৱে বিচৰাৰ দৰে প্রধানমন্ত্রী স্তৰত আলোচনা অনুষ্ঠিত কৰাৰ প্রতিশ্রুতি দিছিল৷ সেইমর্মে ২০০৫ চনৰ ৫ মে’ত ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল৷ এই বৈঠকতে প্রথম এন আৰ চি উন্নীতকৰণ আৰু বান–খহনীয়াক ৰাষ্ট্রীয় সমস্যা ৰূপে সমাধানৰ সিদ্ধান্ত লোৱা হৈছিল৷ সংগ্রামী সংগঠন হিচাপে আছুৱে কৰা আন্দোলনৰ প্রতি প্রয়াত মুখ্যমন্ত্রীগৰাকীয়ে গণতান্ত্রিকভাৱে সহাৰি দিছিল৷ তাত তেওঁৰ গণতান্ত্রিক চেতনাৰ প্রতিফলন ঘটিছিল৷ আন আন নেতায়ো প্রয়াত তৰুণ গগৈৰে দৰে গণতান্ত্রিক চিন্তাক সন্মান কৰিবলৈ শিকা উচিত৷ এইদৰে কলাক্ষেত্রত অন্তিম শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি সদৌ অসম ছাত্র সন্থাই প্রয়াত মুখ্যমন্ত্রীগৰাকীৰ কর্মৰাজিক শ্রদ্ধাৰে স্মৰণ কৰে৷

You might also like