নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তীব্রতৰ হ’ব চালকৰ সুৰাপান নির্ণয়ৰ পৰীক্ষা

পথ দুর্ঘটনা হ্রাস কৰাৰ লক্ষ্যঃ বিশেষ নিৰীক্ষণকাৰী দল গঠন প্রশাসনৰ

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ নতুন বছৰলৈ মাজত মাথোঁ দুটা দিন৷ নৱবর্ষ উদ্যাপনৰ উৎসাহ–উদ্দীপনাৰ মাজত কোনো পৰিয়াললৈ পথ দুর্ঘটনাৰ বাবে যাতে কাল অমানিশা নামি নাহে, মৃত্যুৰ বতৰা আহিব নোৱাৰে, তাৰ বাবে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গ্রহণ কৰা বলিষ্ঠ পদক্ষেপৰ প্রতি সঁহাৰি জনাই কঠোৰ হৈ পৰিছে কামৰূপ মহানগৰ জিলা প্রশাসন৷ নৱবর্ষ উদ্যাপনৰ নামত পথ দুর্ঘটনা যাতে সংঘটিত নহয়, সেই উদ্দেশ্য আগত ৰাখি আজি জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত জিলা আবকাৰী বিভাগ, জিলা পৰিবহণ বিভাগ আদিৰ বিষয়ববীয়াৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰা হয়৷ জিলা অতিৰিক্ত উপায়ুক্ত মুনীন্দ্র বৰদলৈ, বিপুল কুমাৰ দাস, ড০ ধ্রুৱজ্যোতি হাজৰিকাৰ উপৰি সকলো ৰাজহ চক্র বিষয়া, সহকাৰী আয়ুক্ত উপস্থিত থকা এই সভাত অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে অহা ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত প্রশাসনৰ প্রায় সকলো বিষয়া জিলাখনৰ নিৰীক্ষণ কার্যত নিয়োজিত থাকিব বুলি ব্যক্ত কৰে৷

ইতিমধ্যে মদ্যপান কৰি কোনো চালকে যাতে গাড়ী চলাব নোৱাৰে, তাৰ পৰীক্ষা তীব্রতৰ কৰাৰ বাবে কেইবাটাও ‘ইনহেলাৰ এনালাইজাৰ’ জিলাত সংযোজন কৰা হৈছে৷ ইয়াৰ উপৰি একোজনকৈ অতিৰিক্ত উপায়ুক্তৰ নেতৃত্বত জিলাখনৰ বিভিন্ন ঠাইত চলা নৱবর্ষৰ অনুষ্ঠান তথা বাৰ–হোটেলসমূহ মনিটৰ কৰিব পৰাকৈ একোটাকৈ নিৰীক্ষণকাৰী দল গঠন কৰি দিছে জিলা উপায়ুক্ত তথা জিলা দণ্ডাধীশ পল্লৱ গোপাল ঝাই৷ এই নিৰীক্ষণকাৰী দলসমূহ বিভিন্ন ঠাইৰ তদাৰকৰ দায়িত্বত থাকিব৷ আনহাতে, বনভোজৰ দলৰ চালকসকলকো ভালদৰে নিৰীক্ষণ কৰা হ’ব৷ একেদৰে নিৰীক্ষণ কৰা হ’ব অ’লা, উবেৰ আদিৰ চালকসকলক৷ সভাত অতিৰিক্ত উপায়ুক্ত ড০ ধ্রুৱজ্যোতি হাজৰিকাই অকণো সুৰুঙা নথকাকৈ নিজ নিজ দায়িত্ব পালন কৰিবলৈ নিৰীক্ষণকাৰী দলসমূহৰ প্রতি আহ্বান জনায়৷

You might also like