নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰণি শৰাইঘাট দলঙত বাগৰিল চাউলভর্তি ট্রাক

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ জালুকবাৰীৰ পুৰণি শৰাইঘাটত আজি সন্ধিয়া প্রায় ৭.১০ বজাত এখন চাউলভর্তি ট্রাক দুর্ঘটনাগ্রস্ত হয়৷ চাংসাৰিৰ পৰা গুৱাহাটী অভিমুখী এ এছ–০১ ইউ–১৭৩৫ নম্বৰৰ চাউলভর্তি ট্রাকখনে নিয়ন্ত্রণ হেৰুৱাই পুৰণি শৰাইঘাট দলঙৰ ওপৰতে বাগৰি পৰে৷ দুর্ঘটনাটোত ট্রাকখনৰ চালকজন সামান্য পৰিমাণে আঘাতপ্রাপ্ত হয়৷ দুর্ঘটনা সংঘটিত হোৱাৰ পিছতে পুৰণি শৰাইঘাট দলঙেৰে বাহনৰ চলাচল সম্পূর্ণৰূপে বন্ধ হৈ পৰে৷ ঘটনাস্থলীত যান–বাহন আৰক্ষী উপস্থিত হৈ নতুন শৰাইঘাট দলঙেৰে দুয়ো দিশৰ পৰা বাহনৰ চলাচলৰ ব্যৱস্থা কৰে৷ পুৰণি শৰাইঘাট দলঙেৰে বাহনৰ চলাচল বন্ধ হৈ পৰাত আমিনগাঁও আৰু জালুকবাৰীত অভাৱনীয় যান–জঁট সৃষ্টি হয়৷

You might also like