খাৰঘুলিৰ ৰিভেৰিয়া এপার্টমেণ্টত ক’কেইনৰ পার্টীঃ অভিযুক্ত ১৮ পুৰুষ–মহিলাক জে’ললৈ
নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট: বহু বিতর্কিত বিল্ডাৰ বিকাশ জৈনৰ খাৰঘুলিৰ ৰিভেৰিয়া এপার্টমেণ্টৰ তৃতীয় মহলাৰ এটা ফ্লেটত ক’কেইন পার্টী কৰাৰ অভিযোগত লতাশিল আৰক্ষীয়ে ১৮জনকৈ পুৰুষ–মহিলাক গ্রেপ্তাৰ কৰিছিল৷ ১৩ আগষ্টৰ নিশা বিল্ডাৰ অমিত বৰুৱাৰ জন্মদিন উপলক্ষে আয়োজন কৰা এই পার্টীত অংশগ্রহণকাৰী পুৰুষ–মহিলাসকলে ক’কেইন, কানি অৰু বিভিন্ন প্রকাৰৰ গাঞ্জা ব্যৱহাৰ কৰিছিল৷
আৰক্ষীয়ে এই তথ্য লাভ কৰি ৰিভেৰিয়া এপার্টমেণ্টত অভিযান চলাই হাতে–লোটে ১৮জনকৈ পুৰুষ–মহিলাক ধৰা পেলাই গ্রেপ্তাৰ কৰিছিল৷ ঘটনা সন্দর্ভত লতাশিল থানাত এন ডি পি এছ এক্টৰ অধীনত এটা গোচৰ ৰুজু কৰি অভিযুক্ত ১৮গৰাকী পুৰুষ–মহিলাক জে’ললৈ লৈ প্রেৰণ কৰে৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত তদন্ত অব্যাহত ৰাখিছে৷
আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে বিল্ডাৰ বিকাশ জৈন আৰু তেওঁৰ পত্নীয়ে ৰিভেৰিয়া এপার্টমেণ্টত প্রায়ে ৰেভ পার্টী অনুষ্ঠিত কৰে৷ মোটা অংকৰ ধন লৈ বিলাসী এপার্টমেণ্টত অনুষ্ঠিত কৰা ৰেভ পার্টীত ব্যৱহাৰ কৰিছিল ক’কেইন আৰু বিভিন্ন প্রকাৰৰ নিচাজাতীয় সামগ্রী৷
আনহাতে, খাৰঘুলিৰ স্থানীয় লোকৰ অভিযোগ অনুসৰি ৰিভেৰিয়া এপার্টমেণ্টলৈ দিনে–নিশাই প্রায়ে বিলাসী বাহন লৈ যুৱক–যুৱতী, পুৰুষ–মহিলাৰ আগমন ঘটিছিল৷ বিতর্কিত বিল্ডাৰ বিকাশ জৈনে ৰিভেৰিয়া এপার্টমেণ্টটো অসামাজিক কার্যকলাপৰ ঘাটিলৈ পৰিণত কৰা বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে৷