আহোম গাঁৱত দুই জুৱাৰীক গ্রেপ্তাৰ গড়চুক আৰক্ষীৰ
নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰঃ সমাগত দীপাৱলীৰ গইনা লৈ মহানগৰীত সক্রিয় হৈ পৰিছে জুৱাৰী চক্র৷ একাংশ আৰক্ষী বিষয়াক মেনেজ কৰি জুৱাৰী চক্রই মহানগৰীৰ অলিয়ে–গলিয়ে ঝাণ্ডি–মুণ্ডা আৰু অন্যান্য জুৱা খেল চলাই আহিছে৷ কালি নিশা গড়চুক আৰক্ষীয়ে আহোম গাঁৱৰ পৰা দুটা কুখ্যাত জুৱাৰীক হাতে–লোটে গ্রেপ্তাৰ কৰাৰ লগতে কিছু জুৱাৰ সামগ্রী জব্দ কৰে৷ ধৃত জুৱাৰী দুটা ক্রমে আহোম গাঁও তিনিআলিৰ শ্যাম বড়ো (২৪) আৰু নৱাগাঁৱৰ জতীশ বড়ো (২৬) বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে ধৃত জুৱাৰী দুটাই মহানগৰীৰ আহোম গাঁৱত দীর্ঘদিন ধৰি জুৱা চলাই অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰি আহিছে৷ আৰক্ষীয়ে গোপন সূত্রৰ পমখেদি কালি নিশা প্রায় ১১.৪৫ বজাত আহোম গাঁৱৰ পৰা জুৱাৰী দুটাক হাতে–লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে গড়চুক থানাত গেম্বলিং এণ্ড বিটিং এক্টৰ ১৪ ধাৰাত ৬১২/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি জুৱাৰী দুটাক আদালতত হাজিৰ কৰে৷ পাছত আদালতে জুৱাৰী দুটাক জে’ল–হাজোতলৈ প্রেৰণ কৰে৷