নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওলাই গ’ল লাখ লাখ টকাৰ মাছঃ আজাৰাত বানত বুৰ গ’ল বহু পুখুৰী

নিয়মীয়া বাৰ্তা ৪ জুলাইঃ সম্প্রতি কৃষকসকলৰ মাজলৈ চৰম দুর্যোগ নামি আহিছে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ আৰম্ভ হোৱাৰ পাছৰ পৰাই এটাৰ পাছত আন এটা ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে আজাৰা ৰাজহ চক্র এলেকাৰ কৃষকসকলে৷ আৰম্ভণিতে কৃষকে উৎপাদন কৰা সামগ্রীসমূহ বিক্রী কৰিব নোৱাৰাত খেতিপথাৰতে নষ্ট হ’ল৷ ইয়াৰ পিছতে বৰষুণ আৰু বানৰ বাবে পথাৰৰ শস্য সম্পূর্ণৰূপে নষ্ট হ’ল৷ শেহতীয়াকৈ দীপৰ বিলৰ বাঢ়নী পানীত এলেকাটোৰ পুখুৰীসমূহ বাঢ়নী পানীত বুৰ গ’ল৷ মৎস্য উৎপাদনেৰে প্রতিবছৰে লাখ লাখ টকা আয় কৰা এনে পুখুৰীসমূহৰ সৰহসংখ্যকেই বাঢ়নী পানীত বুৰ যোৱাত মৎস্যপালকসকল কিংকর্তব্যবিমূঢ় হৈ পৰিছে৷ আজাৰা গাঁও পঞ্চায়ত এলেকাৰ দীপৰ বিলৰ পশ্চিম পাৰত থকা ঝংকটবৰীতে এনে ৬টা পুখুৰী আছে৷ ঋণ লৈ মৎস্য পালনেৰে স্বাৱলম্বী হোৱা আজাৰাৰ কেওটপাৰাৰ ৰমেশ দাস, খগেন দাস, হিৰাপাৰাৰ মনাবৰ দাস, গোসাঁইপাৰাৰ মনোজ দাস আদি কৰি কেইবাগৰাকী লোকৰ বৃহৎ বৃহৎ ছয়টা পুখুৰী আছে৷ প্রতিবছৰৰ দৰে এইবেলিও পুখুৰীসমূহত ৰৌ, ভকুৱা আদি কৰি বিভিন্ন মাছৰ পোনা মেলি দিছিল৷ এইবেলি আটাইকেইটা পুখুৰীত দিয়া মাছৰ মূল্য প্রায় দুই লাখ হ’ব৷ ইতিমধ্যে মাছবোৰৰ আকাৰ যথেষ্ট বৃদ্ধি হৈছিল যদিও শেহতীয়াকৈ হোৱা দীপৰ বিলৰ বাঢ়নী পানীত পুখুৰীসমূহ বুৰ যায়৷ পূর্বতে এনে বান হোৱাৰ নজিৰ নাছিল যদিও এইবেলি বাঢ়নী পানীয়ে পুখুৰীসমূহ বুৰাই পেলোৱাত মৎস্যপালকসকলে মূৰে কপালে হাত দিছে।

You might also like