নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে এলুমিনি এছ’চিয়েচন অৱ গুৱাহাটী গ্ৰুপ হেডকোৱাৰ্টাৰ এনচিচিৰ উদ্যোগত এদিনীয়া আত্মৰক্ষা কৰ্মশালা

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে গুৱাহাটীৰ গুৰু নানক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত এলুমিনি এছ’চিয়েচন অৱ গুৱাহাটী গ্ৰুপ হেডকোৱাৰ্টাৰ এনচিচিয়ে ‘KYOKUSHIBKAI’ৰ সহযোগত এদিনীয়া আত্মৰক্ষা কৰ্মশালা অনুষ্ঠিত কৰে। এই অনুষ্ঠানত উপস্থিত থাকে গুৰু নানক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সমন্বয়ক শুভ্ৰাংশু চক্ৰৱৰ্তী, ফাৰ্ষ্ট অসম বিএন এনচিচিৰ কৰ্নেল দাদৱাল, ছাউথ পইণ্ট স্কুলৰ এক্স এএনঅ’ কৰবী গোস্বামী, পিআই ষ্টাফ ৩০ বিএন এনচিচিৰ লেফটেনেণ্ট সৈতেন্দ্ৰ কুমাৰ সিং, পিআই ষ্টাফ ৬০ অসম গাৰ্লছ বিএন এনচিচিৰ চুবেদাৰ টি বি থাপা আৰু হাৱালদাৰ ছাংগা, ৪৮ অসম নেভেল ইউনিট এনচিচিৰ হাৰফুল সিং। ইপিনে, এই এদিনীয়া আত্মৰক্ষা কৰ্মশালাত অম্বিকা দত্ত, ইলিয়াছ আহমেদ আৰু অভিষেক ঠাকুৰে প্ৰশিক্ষণ প্ৰদান কৰে।

অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত কৰবী গোস্বামীয়ে কয়- আমাৰ কেডেটসকলে কেনেদৰে আত্মসুৰক্ষা দিব পাৰে, তাকে আজি এই অনুষ্ঠানৰ জৰিয়তে দেখুওৱা হৈছে। লগতে এই অনুষ্ঠানৰ জৰিয়তে কেডেটসকলক অনুপ্ৰাণিত কৰা হৈছে।

উল্লেখ্য যে আজিৰ এই এদিনীয়া আত্মৰক্ষা কৰ্মশালাত শতাধিক কেডেটে অংশগ্ৰহণ কৰে।

You might also like