নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রেছ ক্লাবত অনুৰাগ দেৱগণৰ কণ্ঠত ‘ৰক্তপ্ৰৱাহ’ৰ উন্মোচন

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰঃ বুধবাৰে গুৱাহাটী প্রেছ ক্লাবত অনুৰাগ দেৱগণৰ কণ্ঠত ‘ৰক্তপ্ৰৱাহ’ শীৰ্ষক গীতৰ দৃশ্য-শ্ৰব্য ভিডিঅ’ উন্মোচন কৰা হয়। অনুষ্ঠানত বিশিষ্ট গীতিকাৰ, সংগীত পৰিচালক জে পি দাস, বিশিষ্ট সংগীতজ্ঞ ৰূপম তালুকদাৰ, বিশিষ্ট কবি ৰীতা বৰুৱা, সাংবাদিক গৌতম শৰ্মা, সাংবাদিক দেৱজিৎ ভূঞা, কণ্ঠশিল্পী অনুপম শইকীয়াই গীতটি আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷

অনুষ্ঠানত বিশিষ্ট গীতিকাৰ জে পি দাসে অসমীয়া সংগীতৰ সোঁতৰ বিপৰীতে এটা নিভাঁজ আৰু মিঠা গীত অসমৰ ৰাইজে লাভ কৰিলে বুলি উল্লেখ কৰে৷ আনহাতে বিশিষ্ট সংগীতজ্ঞ ৰূপম তালুকদাৰে অনুৰাগ দেৱগণক সৌভাগ্যৱান আখ্যা দি আজিৰ দিনত সংগীতৰ প্ৰতি মাক-দেউতাকে নিজৰ ল’ৰা-ছোৱালীক এইদৰে সমৰ্থন দিয়াটো সঁচাকৈয়ে বহুত ডাঙৰ কথা বুলি উল্লেখ কৰে।

ইয়াৰোপৰি জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই কয়, “আপোনালোকৰ টীমটো মোৰ ভাল লাগিছে। অনুৰাগৰ ঘৰতে সাংস্কৃতিক পৰিৱেশ আছে। গান এটা হ’বলৈ হ’লে তাৰ ভেটিটো হৈছে গীতটোৰ কথাখিনি। এই গীতটোৰ কথাখিনি ভাল লাগিছে। এজন গীতিকাৰে গীতৰ কথা ৰচনা কৰোঁতে ব্যাকৰণ আৰু অভিধানৰ ওপৰত সংযোগ ৰাখিব লাগিব। অনুৰাগে এই কথাকেইটাত গুৰুত্ব দিছে, সেইবাবে তাক চেল্যুট জনাইছো।”

ইপিনে এই অনুষ্ঠানতে গীতটোৰ প্ৰশংসা কৰি ৰীতা বৰুৱাই নিজৰ কবিতাৰে উপস্থিত দৰ্শকক আপ্লুত কৰে। ইয়াৰোপৰি সাংবাদিক দেৱজিৎ ভূঞাই অনুৰাগ দেৱগণৰ গীতটোৰ কথা, সংগীত আৰু কণ্ঠক প্ৰশংসা কৰে। আগলৈও এইদৰে তেওঁৰ সংগীতৰ যাত্ৰা চলাই নি অসমৰ ৰাইজক ভাল ভাল গীত উপহাৰ দিবলৈ শুভেচ্ছা জনায়।

সাংবাদিক দীপাংকৰ শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থাকে নাট্যকাৰ তথা অভিনেতা হিল্লোল কুমাৰ পাঠক, বিশিষ্ট সংগীত ব্যৱস্থাপক দীপকেশ বৰগোহাঁই, বাদ্যযন্ত্ৰী ৰাজা বৰুৱাৰ লগতে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি।

উল্লেখ্য যে কণ্ঠশিল্পী অনুৰাগ দেৱগণ হৈছে তেজপুৰ নিৱাসী খনিন্দ্ৰ কুমাৰ ডেকা আৰু অনাতাঁৰ শিল্পী গীতা ভূঞা ডেকাৰ পুত্ৰ।

You might also like