নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনত হাৰাশাস্তি নকৰিবলৈ আহ্বান বাতৰিকাকত হকাৰ সন্থাৰ

পৰিচয়–পত্র প্রদান–সুৰক্ষা নিশ্চিতকৰণৰ বাবে উপায়ুক্তক দাবী

নিয়মীয়া বাৰ্তা, ২৯ জুনঃ কালি নিশাৰ পৰা কামৰূপ মহানগৰ জিলাত বলৱৎ হোৱা লকডাউনৰ সময়ত হকাৰসকলক কোনোধৰণৰ হাৰাশাস্তি নকৰিবলৈ আৰক্ষী–প্রশাসনক আহ্বান জনাইছে সদৌ গুৱাহাটী বাতৰিকাকত হকাৰ সন্থাই৷

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তলৈ প্রেৰণ কৰা এখন পত্রত সন্থাৰ সাধাৰণ সম্পাদক ব্রজেন বর্মনে কয় যে বিগত লকডাউনৰ সময়ৰ দৰে এইবাৰ যাতে হকাৰসকলক কোনোধৰণৰ হাৰাশাস্তি কৰা নহয়৷

বাতৰিকাকত বিতৰণৰ দৰে গুৰুত্বপূর্ণ কামত নিয়োজিত হৈ থকাৰ পিছতো কোনোধৰণৰ জৰুৰীকালীন পৰিচয়–পত্র প্রদান নকৰা কার্য সন্দর্ভত তেওঁ কয়– ‘হকাৰসকলৰ সুৰক্ষা আৰু মর্যাদাৰ বাবে পৰিচয়–পত্র প্রদান কৰিবলৈ চৰকাৰক আমি বাৰম্বাৰ অনুুৰোধ জনাই আহিছোঁ৷ কিন্তু আজি পর্যন্ত এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ বিগত লকডাউনৰ সময়ত গুৱাহাটী প্রেছ ক্লাবে সাময়িকভাৱে পৰিচয়–পত্র প্রদানৰ ব্যৱস্থা কৰিছে৷ এই পৰিচয়–পত্রৰেই এতিয়াও জৰুৰীকালীন সময়ত আমি সেৱা আগবঢ়াই আছোঁ৷ সেয়েহে লকডাউনত হকাৰসকলক যাতে কোনো হাৰাশাস্তি নকৰে তাৰ নিশ্চিতি প্রদান কৰিবলৈ প্রশাসনক আহ্বান জনাইছোঁ৷’

You might also like