প্রয়াত শিল্পী অর্চনা মহন্তৰ পিণ্ডদান–অস্থি বিসর্জন পুত্র পাপনৰ
মাতৃৰ সৃষ্টিৰাজি যুগমীয়া কৰি ৰখাৰ অংগীকাৰ অংগৰাগৰ
নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ যোৱা ২৭ আগষ্টত সংগীত জগতত অপূৰণীয় ক্ষতি কৰি চিৰনিদ্ৰাত শুই পৰিছিল সুললিত কণ্ঠৰ অধিকাৰী অর্চনা মহন্ত৷ গণশিল্পী খগেন মহন্তৰ প্রয়াত পত্নী অর্চনা মহন্তৰ বিয়োগৰ কালি ১০ দিনীয়া দহা কার্য উপলক্ষে পুৱাই উজান বজাৰৰ ঘাটত উপস্থিত হয় পুত্র অংগৰাগ পাপন মহন্ত৷
বৈদিক ৰীতি–নীতি অনুসৰি পুত্রই পিণ্ডদান দিয়াৰ লগতে মাতৃৰ অস্থি বিসর্জন দিয়ে ব্রহ্মপুত্রত৷ ইফালে পিণ্ডদান আৰু পূজা–র্চনাৰ অন্তত হিন্দু ধর্মৰ ৰীতি অনুসৰি চুলি খুৰায় অংগৰাগ মহন্তই৷ এই অনুষ্ঠানৰ মাজতে মাতৃৰ স্মৃতি যুগমীয়া কৰি ৰাখিব বুলিও মন্তব্য কৰে অংগৰাগ মহন্তই৷ ক’ভিড প্রট’কল অনুসৰি মাতৃৰ শ্রাদ্ধ অনুষুটপীয়াকৈ পালন কৰিব বুলিও উল্লেখ কৰে পাপনে৷
কেৱল ৫০ লোকৰ উপস্থিতিত এইবাৰ শ্রাদ্ধ শেষ কৰি বার্ষিক শ্রাদ্ধ ডাঙৰকৈ অনুষ্ঠিত কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে কণ্ঠশিল্পীগৰাকীয়ে৷ ইফালে, পিতৃ–মাতৃৰ বিয়োগৰ পাছত পাপন নিগাজিপামৰ বাসগৃহত থাকিবনে নাই সেই সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত পাপনে কয়– অসম এৰাৰ প্রশ্ণই নাই, মই মাতৃভূমিক ভাল পাওঁ, অসমলৈ আহি থাকিম৷
একেদৰে মুম্বাই আৰু অসমৰ পৰা ন ন সংগীতৰ কাম কৰি যাব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে পাপনে৷