এজাক বৰষুণতে সাতগাঁও পথত কৃত্রিম বান
নিয়মীয়া বাৰ্তা, ৭ মেঃ এজাক বৰষুণৰ পিছতে পুখুৰীসদৃশ হৈ পৰিছে সাতগাঁৱৰ ৰাজপথ৷ ইয়াৰ ফলত যাতায়াতৰ ক্ষেত্রত চৰম দুর্ভোগ ভুগিবগলীয়া হৈছে স্থানীয় বাসিন্দাসকলে৷ উল্লেখ্য যে পাথৰকোঁৱেৰী তিনিআলিৰ পৰা সেনা শিবিৰলৈ যোৱা সাতগাঁও পথটো বিগত কিছুদিনৰ পৰা ঠায়ে ঠায়ে জৰাজীর্ণ হৈ পৰা পৰিলক্ষিত হৈছে৷ ফলত পথটোৰে অহা–যোৱা কৰাৰ ক্ষেত্রত পথচাৰী আৰু যান–বাহন আদি চলাচলৰ বাবে অঞ্চলবাসী নানা আহুকালৰ সন্মুখীন হৈ আহিছে৷ তাৰ মাজতে আজি পুৱা অহা এজাক বৰষুণৰ পিছতে সাতগাঁও পথৰ ৰে’ল লাইনৰ সমীপৰ পথছোৱাত কৃত্রিম বান সৃষ্টি হয়৷ প্রত্যক্ষ কৰা অনুসৰি পথটোৰ প্রায় এশ মিটাৰ অংশ পুৱাৰ বৰষুণজাক হোৱাৰ পিছতে বানত ডুব যায়৷ ফলত বিশেষকৈ খোজকাঢ়ি অহা–যোৱা কৰা সম্পূর্ণৰূপে বন্ধ হৈ পাৰিছে৷ আনকি সৰু–সুৰা বাহন চলাচলৰ ক্ষেত্রততো দুর্ভোগ ভোগা পৰিলক্ষিত হয়৷
স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, বিগত সময়ছোৱাতো এনেদৰে এজাক বৰষুণৰ পিছতে পথছোৱাৰ এনে দুৰৱস্থা হয় যদিও আজিপর্যন্ত ইয়াক নিৰাময়ৰ বাবে কোনো ব্যৱস্থা গ্রহণ কৰা নাই সংশ্লিষ্ট বিভাগে৷ বিশেষকৈ পথটোৰ দুইকাষে থকা নলা জাৱৰ–জোঁথৰেৰে ভৰপূৰ হৈ থকাৰ বাবেই বৰষুণৰ পিছত এনে দুৰৱস্থা হৈ পৰে পথছোৱাত৷ আজিৰ কিছুসময়ৰ বৰষুণতে এনেদৰে পথছোৱা পুখুৰীসদৃশ হৈ পৰাৰ পিছত আগন্তুক বাৰিষা কালছোৱাত ইয়াতকৈ আৰু অধিক শোচনীয় অৱস্থাত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে৷ সেয়ে যাৱতীয় ব্যৱস্থা গ্রহণৰ দাবী জনাইছে অঞ্চলবাসীয়ে৷