নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম খনিজ উন্নয়ন নিগমৰ উপাধ্যক্ষ হিচাপে অশোক কুমাৰ ভৰালীৰ কাৰ্যভাৰ গ্ৰহণ

নিয়মীয়া বাৰ্তা  ২৭ জানুৱাৰী : একালৰ জনপ্ৰিয় ছাত্ৰ নেতা , সমাজ আৰু ক্ৰীড়া সংগঠক , অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক , সমাজ সেৱাৰ বাবে ৰাষ্ট্রীয় বঁটা লাভ কৰা গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ একেৰাহে তিনিবাৰকৈ সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদ অলংকৃত কৰা আৰু শেহতীয়াভাবে অসম চৰকাৰে ৰাজহুৱা খণ্ডৰ অন্যতম প্ৰতিষ্ঠান অসম খনিজ উন্নয়ন নিগমৰ উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া অশোক কুমাৰ ভৰালীয়ে ২৪ জানুৱাৰীত নিগমৰ কাৰ্যালয়ত মাংগলিক কার্যৰ মাজেৰে কাৰ্যভাৰ গ্ৰহণ কৰে । কাৰ্যভাৰ গ্ৰহণৰ সময়ত অসম চৰকাৰৰ মন্ত্ৰী যোগেন মোহন , নিগমৰ অধ্যক্ষ ওৱাৰাং নাৰ্জাৰী , পৰিচালন সঞ্চালক এন আনন্দকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া , বিধায়ক নন্দিতা গাৰ্লছা , বি জে পি দলৰ অসম ৰাজ্যিক কমিটিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শৰ্মাকে ধৰি দলৰ কেবাজনো নেতা , সীমান্ত চেতনা মঞ্চৰ ৰাষ্ট্ৰীয় সহ সংযোজক এছ প্রদীপন , অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নেতা ৰিংকু পিয়াচীকে ধৰি কেবাজনো শুভাকাংখী , অসম চৰকাৰৰ বিভিন্ন নিকায় – নিগমৰ কেবাজনো অধ্যক্ষ – উপাধ্যক্ষ উপস্থিত থাকে । আনহাতে অনুষ্ঠানত মন্ত্ৰী যোগেন মোহনে সীমান্ত চেতনা মঞ্চৰ ৰাষ্ট্রীয় সহ সংযোজক এছ প্রদীপনক দুই লাখ টকাৰ এখন চেক প্ৰদান কৰে । তেনেদৰে নৱনিযুক্ত উপাধ্যক্ষ অশোক কুমাৰ ভৰালীয়ে তেওঁ নিগমৰ উন্নয়নৰ বাবে নিজকে সমৰ্পিত কৰিব বুলি ব্যক্ত কৰে ।

You might also like