গুৱাহাটীৰ পৰা ৰাণীলৈ এএছটিচিৰ বাছৰ চলাচল বন্ধঃ যাত্রীৰ দুর্ভোগ
নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ ৰাজ্য চৰকাৰৰ পৰিবহণ মন্ত্রীগৰাকীয়ে কিছুদিন পূর্বে গ্রাম্য পৰিবহণ ব্যৱস্থা সুচল কৰি তোলা হ’ব বুলি ঘোষণা কৰাৰ কিছুদিনৰ পিছতে গুৱাহাটী মহানগৰীৰ সমীপৱর্তী বৃহত্তৰ ৰাণীত বন্ধ হ’ল পৰিবহণ নিগমৰ বাছ সেৱা৷ ৰাণীৰ পৰা কাছাৰী হৈ ভঙাগডলৈ চলাচল কৰা একমাত্র এএছটিচি বাছখনৰ চলাচল বন্ধ হোৱাত এতিয়া বৃহত্তৰ অঞ্চলটোৰ স্কুল–কলেজৰ ছাত্র–ছাত্রীৰ লগতে চৰকাৰী চাকৰিয়াল, ব্যক্তিগত কামৰ বাবে অহা–যোৱা কৰা যাত্রীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে৷ পূর্বে পুৱা প্রায় ৮.৩০ বজাত ৰাণীৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হোৱা এই বাছ সেৱাত এইসকল যাত্রীয়ে যথেষ্ট সুবিধা পাই আহিছিল যদিও বর্তমানে এই সেৱা কি কাৰণত ৰহস্যজনকভাৱে বন্ধ কৰি দিয়া হ’ল, তাক লৈ আগতীয়াকৈ যাত্রীসকলক অৱগত নকৰোৱাত স্থানীয় ৰাইজৰ লগতে যাত্রীসকলে এই কার্যপন্থাক একমুখে ধিক্কাৰ দিবলৈ বাধ্য হৈছে৷ এই সন্দর্ভত স্থানীয় বিধায়ক, সাংসদ আৰু বিভাগীয় মুৰব্বীসকলক বিষয়টো গুৰুত্বসহকাৰে লৈ সু–ব্যৱস্থা এটা কৰি দিবলৈ আহ্বান জনাইছে ৰাইজৰ লগতে বাছযাত্রীসকলে৷