নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডক পৰাভূত কৰি সন্তান জন্ম প্রসূতিৰ…

নিয়মীয়া বার্তা, ৯ আগষ্টঃ গুৱাহাটীৰ পশ্চিম প্রান্তৰ ধাৰাপুৰ পঞ্চায়তৰ অধীনৰ খানামুখ হাওৰাপাৰৰ এগৰাকী মহিলাই ক’ভিডক পৰাভূত কৰি সুস্থ–সবল পুত্র সন্তান জন্ম দিয়া ঘটনাত অঞ্চলটোৰ লোকসকলে সন্তোষ প্রকাশ কৰিছে৷

প্রাপ্ত খবৰ মতে, খানামুখ হাওৰাপাৰৰ বাসিন্দা তথা কটন কলেজৰ ভূতত্ত্ব বিজ্ঞান বিভাগৰ অৱসৰপ্রাপ্ত অধ্যাপক ড০ সভাৰাম কলিতাৰ পুত্র নিতুল কলিতাৰ দহমহীয়া গর্ভৱতী পত্নী জোনালী কলিতা ক’ভিডত আক্রান্ত হোৱাত ৩ আগষ্টত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হয়৷

সমান্তৰালভাৱে পৰিয়ালৰ লোকসকলৰ ছোৱাব পৰীক্ষা কৰা হয়৷ ইফালে, ৬ আগষ্টৰ নিশা জোনালী কলিতাই ছিজাৰিয়ান পদ্ধতিৰে প্রায় তিনি কিলোগ্রাম ওজনৰ এটা সুস্থ–সবল পুত্র সন্তান জন্ম দিয়ে৷

সম্প্রতি পৰৱর্তী ছোৱাব পৰীক্ষাত জোনালী কলিতাৰ নিগেটিভ পোৱা গৈছে যদিও চিকিৎসকে সদ্যোজাত সন্তানটিক নিৰন্তৰ নিৰীক্ষণ কৰি আছে৷ বর্তমান সন্তানটো চিকিৎসক–নার্ছৰ তৎপৰতাত সুস্থ অৱস্থাত আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে৷

উল্লেখযোগ্য যে বৃহত্তৰ খানামুখ–ধাৰাপুৰ অঞ্চলত ক’ভিডত আক্রান্ত হৈ সন্তান জন্ম দিয়া এইটোৱে প্রথম ঘটনা৷

You might also like