নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেলতলাত বাইকত অহা দুর্বৃত্তই থপিয়াই নিলে মহিলাৰ ডিঙিৰ সোণৰ চেইন

নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ  আৰক্ষীৰ নিষ্ক্রিয়তাৰ পূর্ণ সুযোগ গ্রহণ কৰি মহানগৰীত অব্যাহত আছে চিলনীচোৰৰ সন্ত্রাস৷ এইবাৰ তেনে এক ঘটনা সংঘটিত হ’ল বেলতলা লক্ষ্মী মন্দিৰৰ সমীপত৷ শুকুৰবাৰে সন্ধিয়া বেলতলাৰ লক্ষ্মী মন্দিৰৰ ওচৰৰ এখন দোকানত স্বামীৰ সৈতে বজাৰ কৰিবলৈ আহিছিল সৰলা মুছাহাৰী নামৰ এগৰাকী মহিলা৷ সন্ধিয়া প্রায় ৭.৪৫ বজাত বজাৰ কৰি ঘৰলৈ যাবলৈ ওলোৱাৰ সময়তে সংঘটিত হয় সেই চাঞ্চল্যকৰ ঘটনা৷ স্বামীৰ সন্মুখতে বাইকত অহা দুই দুর্বৃত্তই সৰলা মুছাহাৰী নামৰ মহিলাগৰাকীৰ ডিঙিৰ পৰা থপিয়াই লৈ যায় এডাল সোণৰ চেইন৷ লগে লগে মহিলাগৰাকীয়ে হৈ–চৈ কৰাত উক্ত স্থানৰ পৰা বাইক লৈ ছার্ভেৰ দিশে পলায়ন কৰে দুই দুর্বৃত্তই৷ উল্লেখ্য যে প্রায় চাৰি তোলা ওজনৰ আছিল চেইনডাল৷যিডাল চেইনৰ মূল্য প্রায় ২ লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে সৰলা মুছাহাৰীয়ে৷ ইফালে, ঘটনা সন্দর্ভত শনিবাৰে বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে৷ আনহাতে, বজাৰলৈ অহাৰ পূর্বৰে পৰা ২ দুর্বৃত্তই অনুসৰণ কৰি আছিল মহিলাগৰাকীক৷ যি দৃশ্য দোকানখনৰ চি চি টিভিত বন্দী হৈছে৷ ইয়াৰে এজন দুর্বৃত্তৰ ছবি বশিষ্ঠ থানাত দিছে মহিলাগৰাকীয়ে৷ লক্ষণীয় যে কিছুদিন পূর্বেও এই একেটা স্থানতে ঘটিছিল অনুৰূপ ঘটনা৷সদাব্যস্ত বেলতলাত সংঘটিত এই ঘটনাক সহজভাৱে ল’ব পৰা নাই মহিলাগৰাকীয়ে৷

You might also like