নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেলতলাত সাপ্তাহিক লকডাউন উলংঘাৰে বহিল মাছ–মাংস, পাচলিৰ বজাৰ

নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ প্রতি শনি আৰু দেওবাৰে ৰাজ্যৰ লগতে মহানগৰীতো প্রযোজ্য হৈ আছে সাপ্তাহিক লকডাউন৷ ইয়াৰ মাজতে সাপ্তাহিক লকডাউন উলংঘা হ’ল খোদ ৰাজধানী মহানগৰীত৷ চৰকাৰৰ সকলো নীতি– নির্দেশনাক জলাঞ্জলি দি বেলতলা তিনিআলি, ছার্ভে, জয়ানগৰত বহিল মাছ–মাংস আৰু পাচলিৰ বজাৰ৷ প্রশাসনৰ নির্লিপ্ততাৰ পূর্ণ সুযোগ গ্রহণ কৰি বেলতলাৰ ভিন্ন প্রান্তত একাংশ ব্যৱসায়ীয়ে পাতিলে বজাৰ৷ ইফালে, বজাৰ বহাৰ লগে লগে একাংশ গ্রাহকো উবুৰি খাই পৰিল মাছ–মাংসৰবজাৰত৷ সামাজিক দূৰত্বক ভেঙুচালি কৰি গাতে গা লগাই বজাৰ কৰাত ব্যস্ত হৈ পৰিল বহু লোক৷ আন একাংশই আকৌ মাস্ক পৰিধান নকৰাকৈয়ে মেলা সদৃশ বজাৰত কৰিলে চফৰ৷ ক’ৰোনা মহামাৰী নিমন্ত্রণ জনাবলৈহে যেন একাংশই কৰিলে ল’ৰা–ধেমালি৷ অৱশেষত দিছপুৰ থানাৰ আৰক্ষী উপস্থিত হৈ সাপ্তাহিক লকডাউন ভংগ কৰি বহা বজাৰ বন্ধ কৰি একাংশ ব্যৱসায়ীক জবাবদিহি কৰাৰ লগতে আন একাংশ গ্রাহককো সকীয়নি প্রদান কৰে৷

You might also like