নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেতকুছিত গুলীচালনা কৰি কাঢ়ি নিলে মার্বল ব্যৱসায়ীৰ টকা

নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ  ক’ভিড–১৯ৰ বাবে চৰকাৰে জাৰি কৰা সান্ধ্য আইনৰ মাজতে মহানগৰীৰ গড়চুকত ডকাইতে শুকুৰবাৰে গুলীচালনা কৰা এক ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শুকুৰবাৰে সন্ধিয়া প্রায় ৮.৫৫ বজাত বেতকুছিৰ গুপ্তা মার্বলছৰ স্বত্বাধিকাৰী ৰাজেশ গুপ্তাই ব্যৱসায়িক প্রতিষ্ঠান বন্ধ কৰি ঘৰলৈ যাবলৈ ওলোৱাৰ সময়তে ডকাইতে আক্রমণ কৰি ব্রীফকেছ এটা কাঢ়ি লৈ যায়৷ ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজেশ গুপ্তাই চিঞৰ–বাখৰ কৰাত প্রতিষ্ঠানখনত কর্মৰত কর্মচাৰীসকলে দুর্বৃত্তক পিছে পিছে খেদি যায়৷ তেনে সময়তে দুর্বৃত্তৰ দলটোৱে শূন্যলৈ দুই জাঁই গুলীচালনা কৰি এখন চাৰিচকীয়া বাহনত উঠি জালুকবাৰীৰ দিশে গতি কৰে৷ গড়চুকৰ বেতকুছিত দুর্বৃত্তই শূন্যলৈ গুলীচালনা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত অতিৰিক্ত আৰক্ষীসহ কেইবাজনো বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে দুর্বৃত্তৰ দলটোৰ কোনো শুংসূত্র উলিয়াবলৈ সক্ষম হোৱা নাই৷ ৰাজেশ গুপ্তাৰ ব্রীফকেছটোত নগদ প্রায় ৫ হাজাৰ টকা, কেইবাখনো এটিএমকে ধৰি ব্যৱসায়িক প্রতিষ্ঠানখনৰ বহু গুৰুত্বপূর্ণ নথি–পত্র আছিল বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে মহানগৰীত এনেধৰণৰ ঘটনা সঘনাই সংঘটিত হৈ আহিছে৷ ইয়াৰ পিছতো এনে ঘটনা ৰোধ কৰাৰ বাবে আৰক্ষীয়ে প্রয়োজনীয় পদক্ষেপ গ্রহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ সান্ধ্য আইনৰ সময়ত শুকুৰবাৰে সংঘটিত এই ঘটনাই মহানগৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে৷

You might also like