গ্রামাঞ্চলৰ গ্ৰাহকৰ বাবে বিমল কাৰ্ছত ‘অনুভৱ’ ম’বাইল শ্ব’ৰুম মুকলি
নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ ভাৰতৰ আগশাৰীৰ অট’ম’টিভ ব্ৰেণ্ড টাটা মটৰ্ছে আজি গুৱাহাটীস্থ সৰুসজাই বিমল কাৰ্ছত গ্ৰামাঞ্চলৰ গ্ৰাহকসকলৰ বাবে ‘অনুভৱ’ নামৰ মোবাইল শ্বৰোম মুকলি কৰে। এই অনুষ্ঠানৰ ফ্লেগ হোষ্টিং কৰে ভাৰতীয় ষ্টেট বেংকৰ মুখ্য প্ৰবন্ধক নীতী বিদ্যাৰ্থী আৰু ব্যৱসায় বিশ্লেষক বিশ্বজিৎ ঘোষে। লগতে অনুষ্ঠানটোত উপস্থিত থাকে বিমল কাৰৰ ডাইৰেক্টৰ আৰিহান্ত সৌৰাওগী, অনুৰাগ সৌৰাওগী, টাটা মটৰ্ছৰ চিনিঅৰ মেনেজাৰ অভিক দাস, টাটা মটৰ্ছৰ প্ৰডাক্ট বিশেষজ্ঞ মানস প্ৰতিম দত্ত আৰু বিমল কাৰ্ছৰ জেনেৰেল মেনেজাৰ দীপাংকৰ দাস।
এই ব্যৱস্থাই ইয়াৰ গ্ৰাম্য বিপণন ৰণনীতিৰ সৈতে সংগতি ৰাখি, এই পদক্ষেপে তহচিল আৰু তালুকাত প্ৰসাৰ বৃদ্ধি কৰাত সহায় কৰিব লগতে গ্ৰাম্য জনসংখ্যা আৰু অৰ্থনীতিত ই যথেষ্ট সম্ভাৱনাৰ সৃষ্টি কৰিব। গ্ৰাম্য অঞ্চলত টাটা মটৰ্ছ ব্ৰেণ্ডৰ সজাগতা বৃদ্ধি কৰাৰ বাবে সমগ্ৰ দেশতে মুঠ ১০৩টা মোবাইল শ্ব’ৰুম প্ৰসাৰিত কৰা হৈছে। এই ম’বাইল শ্ব’ৰুমবোৰে নিকটতম ডিলাৰশ্বিপবোৰক গ্ৰাহকসকলক দুৱাৰমুখত বিক্ৰীৰ অভিজ্ঞতা আগবঢ়োৱাত সহায় কৰিব আৰু তেওঁলোকক গাড়ীৰ নিউ ফৰেভাৰ পৰিসৰৰ বিষয়ে তথ্য প্ৰদান কৰাত সহায় কৰিব আৰু এছ.ইউ.ভি, আনুষঙ্গিক সামগ্ৰী, বিত্তীয় আঁচনিৰ সুবিধা, টেষ্ট ড্ৰাইভ বুক কৰা আৰু বিনিময়ৰ বাবে মজুত থকা গাড়ীবোৰ মূল্যাঙ্কন কৰিব।
উল্লেখ্য যে এই ম’বাইল শ্ব’ৰুমবোৰ টাটা মটৰ্চৰ তত্বাৱধান আৰু নিৰ্দেশনাত ডিলাৰশ্বিপৰ দ্বাৰা পৰিচালিত হ’ব। সকলো ডিলাৰশ্বিপে এই ভানবোৰৰ বাবে মাহিলী পথ নিৰ্ধাৰণ কৰিব, য’ত তেওঁলোকে চলাব আৰু লক্ষ্য কৰা গাঁও বা তহচিল কভাৰ কৰিব। এই ম’বাইল শ্ব’ৰুমবোৰৰ চলাচল নিৰীক্ষণ কৰিবলৈ জিপিএছ ট্ৰেকাৰেৰে সজ্জিত থাকিব।