মুখ্যমন্ত্রী ড০ শর্মা–সোণোৱালৰ উপস্থিতিত উপ–নির্বাচনৰ ৰণকৌশল
নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ ৰাজ্যৰ ছটাকৈ বিধানসভা সমষ্টিত হ’বলগীয়া উপ–নির্বাচনৰ বাবে শনিবাৰে প্রাৰম্ভিক ৰণকৌশলক লৈ আলোচনাত মিলিত হ’ল ৰাজ্যিক বিজেপি৷ মহানগৰীৰ আমিনগাঁৱত লোকনির্মাণ বিভাগৰ বঙলাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত প্রথমখন বিষয়ববীয়া সভাত উপ–নির্বাচনৰ লগতে ৰাজ্যৰ সাম্প্রতিক ৰাজনৈতিক পৰিস্থিতিক লৈও শনিবাৰে দীঘলীয়া আলোচনাত বহিলে বিজেপিৰ নেতৃত্ব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, উত্তৰ–পূবৰ ক্ষেত্রীয় সাংগঠনিক সম্পাদক অজয় জামৱাল, কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত উপ–নির্বাচনৰ বাবে ৰাজ্যিক বিষয়ববীয়াসকলৰ দায়িত্ব আৰু কর্তব্য সম্পর্কে শীর্ষ নেতৃত্বই বিভিন্ন পৰামর্শ দাঙি ধৰাৰ লগতে সমষ্টিকেইটাত দলৰ সাংগঠনিক স্থিতি অধিক শক্তিশালী কৰাৰ বাবে কার্যব্যৱস্থা হাতত ল’বলৈ নির্দেশ দিয়ে৷
উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছত আৰু ৰাজ্যিক বিষয়ববীয়াসকলক দায়িত্ব প্রদানৰ অন্তত শনিবাৰে আমিনগাঁৱত অনুষ্ঠিত প্রথমখন বৈঠকত মুখ্যমন্ত্রী ড০ শর্মা আৰু কেন্দ্রীয় মন্ত্রী সোণোৱাল উপস্থিত থকাটো আছিল যথেষ্ট তাৎপর্যপূর্ণ দিশ৷ বৈঠকৰ আৰম্ভণিতে নিমাতীঘাটৰ নাও দুর্ঘটনাত নিহতসকলৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ দলীয় সূত্রই প্রকাশ কৰা অনুসৰি কেইবাজনো শীর্ষ নেতাৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত অহা ২২ আৰু ২৩ ছেপ্ঢেম্বৰত উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত অনুষ্ঠিত হ’ব লগা কার্যনির্বাহক সভা সন্দর্ভতো বিস্তৃত আলোচনা কৰা হয়৷ আনহাতে অহা ১৭ ছেপ্ঢেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জন্মদিন উপলক্ষে সেই দিনাৰ পৰা ৭ অক্টোবৰলৈ ২০ দিনীয়াকৈ সমর্পণ সপ্তাহ পালন কৰাৰ বাবেও এই বৈঠকত সিদ্ধান্ত লোৱা হয়৷ এই সময়ছোৱাত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লোৱা জনহিতকৰ আঁচনি আৰু অসম চৰকাৰে গ্রহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে ১৭ ছেপ্ঢেম্বৰৰ পৰা ৭ অক্টোবৰলৈ দলীয় কর্মীসকলক ৰাইজৰ মাজত প্রচাৰ চলাবলৈও আজিৰ বৈঠকত পৰামর্শ দিয়া হয়৷ বিষয়ববীয়া সভাৰ পাছতেই অনুষ্ঠিত হয় দলৰ ৩৯খন জিলা প্রভাৰী আৰু সহঃ প্রভাৰীসকলৰ সৈতে আন এখন গুৰুত্বপূর্ণ বৈঠক৷ বিধানসভা নির্বাচনৰ পাছত বিভিন্ন সমষ্টিত ক্রমাৎ সলনি হোৱা ৰাজনৈতিক দিশসমূহ এই বৈঠকত আলোচনা কৰাৰ লগতে জিলা প্রভাৰী আৰু সহঃ প্রভাৰীসকলৰ দায়িত্ব সম্পর্কেও আলোচনা কৰা হয়৷
বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাৰ লগতে কেন্দ্রীয় মন্ত্রী সোণোৱাল আৰু অজয় জামৱালেও জিলা প্রভাৰীসকলক দলৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে বিভিন্ন পৰামর্শ দিয়াৰ লগতে বিৰোধীক প্রত্যুত্তৰ দিয়াৰ বাবে কিদৰে আগবাঢ়িব লাগিব, সেই সন্দর্ভত এলানি ৰণকৌশলো অৱগত কৰে৷ এই বৈঠকতে ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কাম–কাজসমূহ তথা আঁচনিসমূহ কেনেকৈ সাধাৰণ ৰাইজৰ মাজলৈ লৈ যোৱা হ’ব, তাৰ ওপৰতো বিভিন্ন দিশ আলোচনা হয় বৈঠকত৷ আগন্তুক লোকসভা নির্বাচনৰ বাবে জিলা প্রভাৰীসকলৰ দায়িত্ব আৰু কর্তব্যৰ বিষয়ে আজিৰ বৈঠকত আঙুলিয়াই দিয়ে মুখ্যমন্ত্রী, কেন্দ্রীয় মন্ত্রী সোণোৱাল, ৰাজ্যিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মাই৷ ইয়াৰ পূর্বে বিষয়ববীয়াৰ সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে জনগণে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কর্মৰাজি আৰু শক্তিশালী নেতৃত্বৰ প্রতি ইতিমধ্যে গভীৰ আস্থা প্রকাশ কৰিছে৷ এতিয়া দলৰ কার্যকর্তাই দেশক কল্যাণকামী আৰু উন্নত কৰি বিশ্বশক্তি হিচাপে প্রতিষ্ঠা কৰাৰ কাৰণে সর্বতোপ্রকাৰে প্রয়াস কৰিব লাগিব৷ আনহাতে সভাপতি ভৱেশ কলিতাই কয় যে বিজেপি সবল আৰু শক্তিশালী হৈ থাকিলেহে অসমত অসমীয়াৰ অস্তিত্ব সুৰক্ষিত হৈ থাকিব৷ আজিৰ বৈঠকত ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱলোচন দাস, পুলক গোহাঁই আৰু দীপ্লুৰঞ্জন শর্মাৰ লগতে মুখ্য মুখপাত্র তথা সাংসদ কামাখ্যাপ্রসাদ তাছাৰ লগতে সকলো মর্চাৰ সভাপতি আৰু আন বিষয়ববীয়াসকল উপস্থিত থাকে৷